ETV Bharat / state

টীয়কৰ মৃত বিজেপি কৰ্মী দাদুল মৰাঙৰ পৰিয়ালৰ কাষত সাংসদ তপন গগৈ

author img

By

Published : May 5, 2022, 8:02 PM IST

mp-topon-kumar-gogoi-at-bjp-workers-residence-who-died-due-to-electrocution
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰা বিজেপি কৰ্মীৰ বাসগৃহত সাংসদ তপন কুমাৰ গগৈ

বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ মৃত্যুক সাৱটি লোৱা (BJP worker died after touching electric wire) বিজেপি কৰ্মী দাদুল মৰাঙৰ বাসগৃহত উপস্থিত সাংসদ তপন কুমাৰ গগৈ ৷ মৃত লোকজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিলৈ সাংসদগৰাকীৰ সমবেদনা জ্ঞাপন ৷

টীয়ক, 5 মে' : বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লোৱা টীয়কৰ চিৰাম মিচিং গাঁৱৰ দাদুল মৰাঙৰ (BJP worker died after touching electric wire) বাসগৃহত উপস্থিত সাংসদ তপন কুমাৰ গগৈ (MP Tapan Kumar Gogoi at BJP worker's residence) ৷ মৃত লোকজনৰ বাসগৃহত সাংসদগৰাকী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ইফালে, সাংসদগৰাকীয়ে পৰিয়ালটিলৈ এপিডিচিএলৰ সহযোগিতাত চাৰিলাখ টকাৰ এককালীন সাহাৰ্যৰ এখন চেক প্ৰদান কৰে (Topon Kumar Gogoi at Teok) । উল্লেখযোগ্য যে, বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ ফলতে যুৱকজনে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে বুলি টীয়কৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে অভিযোগ উত্থাপন কৰে ৷

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰা বিজেপি কৰ্মীৰ বাসগৃহত সাংসদ তপন কুমাৰ গগৈ

পেটে ভাতে খাই কোনোমতে জীৱন নিৰ্বাহ কৰি থকা পৰিয়ালটিৰ বাবে অনাগত দিনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে সাংসদগৰাকীয়ে ।

ইপিনে প্ৰয়াত দাদুল মৰাং আছিল বিজেপি দলৰ এগৰাকী সংক্ৰিয় কৰ্মী । সেয়ে এগৰাকী নিষ্ঠাবান বিজেপি কৰ্মীক এনেদৰে হেৰুওৱলগীয়া হোৱাত গভীৰ শোক প্ৰকাশ কৰি অনাগত দিনবোৰত যেন এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ এ পি ডি চি এলৰ বিষয়াসকলক আহ্বান জনাই সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.