ETV Bharat / state

বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ যুৱকৰ মৃত্যু

author img

By

Published : May 4, 2022, 4:59 PM IST

টীয়কত সংঘটিত শোকাৱহ ঘটনা ৷ বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে টীয়কৰ এজন যুৱকে (One person dies after touching electric wire)৷ যুৱকজনৰ মৃত্যুৰ পিছতে টীয়ক থানা চৌহদত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ৷

one-died-due-to-electrocution-at-teok
বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ যুৱকৰ মৃত্যু

টীয়ক, 4 মে' : যোৰহাট জিলাৰ টীয়কত সংঘটিত শোকাৱহ ঘটনা ৷ পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে এজন যুৱকে ৷ টীয়কৰ চিৰাম মিচিং গাঁৱত সংঘটিত হয় এই ঘটনা ৷ মৃত যুৱকজনৰ নাম দাদুল মৰাং আৰু তেওঁৰ বয়স প্ৰায় ৪০ বছৰ বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিছতে মৃত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, লাইটৰ খুটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰি থকা অৱস্থাত তাঁৰডাল আঁতৰাবলৈ চেষ্টা কৰিছিল যুৱকজনে ৷ যাৰ ফলত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে (One person dies after touching electric wire) ৷ লগতে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷

বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাবলৈ গৈ যুৱকৰ মৃত্যু

ইফালে টীয়ক আৰক্ষীয়ে হাস্পতালত উপস্থিত হৈ মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ থানালৈ প্ৰেৰণ কৰে । পৰৱৰ্ত্তী সময়ত কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজনৰ হৈ স্থানীয় ৰাইজে টীয়ক থানা চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মৃত যুৱকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটিক সংস্থাপনৰ দিয়াৰ দাবী জনাইছে টীয়কৰ বিভিন্ন দল সংগঠনৰ লগতে গাঁৱৰ ৰাইজে ।

ইপিনে ৰাইজৰ দাবীত সেও মানি ক্ষতিপূৰণ দিয়াৰ লগতে যুৱকজনৰ পৰিয়ালটিক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়াত উত্তেজিত ৰাইজে মৃতদেহটি থানাৰ চৌহদৰ পৰা যোৰহাটলৈ নিয়াৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক : পুত্ৰক বচাবলৈ গৈ মৃত্যুক সাৱটিলে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.