ETV Bharat / state

কংগ্ৰেছ দল গাঁৱৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল: গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:20 PM IST

MP Gaurav Gogoi: যোৰহাটত দলীয় সভাত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ । উক্ত সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন BJP চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে । বৰ্তমান অসমৰ মন্ত্ৰীসকলৰ কোনো কাম নাই বুলি কটাক্ষ গৌৰৱ গগৈৰ ।

MP Gaurav Gogoi attends party meeting in Jorhat
যোৰহাটত দলীয় সভাত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

যোৰহাটত দলীয় সভাত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

যোৰহাট,২৬ ডিচেম্বৰ: "কংগ্ৰেছ দল গাঁৱৰ পৰা জন্ম হোৱা এটা ঐতিহাসিক দল । আমাৰ দলৰ ইতিহাসত গাঁৱৰ বিষয়ৰ কথাবোৰ উল্লেখ আছে । সেয়ে পুনৰ গাঁৱে গাঁৱে এগৰাকী কংগ্ৰেছ কৰ্মী গাঁওবাসীৰ ওচৰলৈ যাব । কংগ্ৰেছত এতিয়া কোনো নেতা নাই । সকলো কৰ্মী । " গৌৰৱ গগৈ । যোৰহাটৰ বহতীয়া গাঁৱত অনুষ্ঠিত কংগ্ৰেছৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে ।

উক্ত কৰ্মীসভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে আগবঢ়াই আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । আগন্তুক লোকসভা নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, দলীয় শীৰ্ষ নেতৃত্বই যি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ অনুমতি দিব সেই সমষ্টিৰ পৰাই নিৰ্বাচনত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু । ইয়াত BJP বা আন কোনোৱে গুৰুত্ব দি লাভ নাই ।

লগতে তেওঁ কয় যে বৰ্তমান অসমৰ আইন-শৃংখলা পৰিস্থিতি অৱনতি ঘটিছে । সেয়েহে অসম আৰক্ষীয়ে দেশৰ ভিতৰত কিদৰে উল্লেখনীয় আৰক্ষী বিভাগ হিচাপে গঢ় দিব পাৰি সেই কথা চিন্তা কৰা প্ৰয়োজন হৈছে । অসমীয়া যুৱকক কৰা অত্যাচাৰ কৰাৰ পূৰ্বে অসম আৰক্ষীয়ে চিন্তা কৰা উচিত ।

আনহাতে তিতাবৰত চাৰি মন্ত্ৰীয়ে বাহৰ পতা সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰীসকলৰ তেওঁ লোকৰ বিভাগীয় বিভাগত কোনো ধৰণৰ কাম নাই । বিষয়াই তেওঁলোকৰ কথা নুশুনে । কাৰণ সকলো বিভাগ চলায় আৰু দায়িত্ব লয় খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ফাইলত চহীও কৰে মুখ্যমন্ত্ৰীয়ে আৰু বিভাগত তেওঁলোকৰ কাম নাই ৷ সেয়ে কেতিয়াবা দলীয় সভালৈ আহিব আৰু কেতিয়াবা ক্ৰিকেট খেল চাবলৈ যাব ।

বিজেপিয়ে এই সময়ত গৌৰৱ গগৈ আৰু এআই ডিএফক লৈহে ব্যস্ত হৈ থাকে বুলিও কটাক্ষ কৰে সাংসদগৰাকীয়ে । লগতে তেওঁ কয় যে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় । ৰাইজ এফালে দুখীয়া হৈ গৈ আছে আৰু মহাৰজা আৰু মহাৰাণী ধনী হৈ গৈ আছে । এই মুহূৰ্তত কংগ্ৰেছৰ অৱস্থা ভাল বুলি মত প্ৰকাশ কৰি গৌৰৱ গগৈয়ে অসমৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: এফালে শান্তিচুক্তি, আনফালে আলফা(স্বা)ৰ কূটাঘাত; কোনদিশে এনে কাৰ্যপলাপ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.