ETV Bharat / state

এফালে শান্তিচুক্তি, আনফালে আলফা(স্বা)ৰ কূটাঘাত; কোনদিশে এনে কাৰ্যপলাপ ?

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 6:08 PM IST

ULFA peace agreement
আলফা চৰকাৰ শান্তিচুক্তি

29 ডিচেম্বৰত হ’ব আলফাৰে শান্তিচুক্তি ৷ তেনে সময়তে আলফা(স্বা)ই অব্যাহত ৰাখিছে কূটাঘাতমূলক কাৰ্যকলাপ ৷ অসম আৰক্ষীয়েও আলফা(স্বা)ৰ বিৰুদ্ধে তীব্ৰতৰ কৰিছে অভিযান ৷ আলফা(স্বা)ৰ সন্দেহত গুলীবিদ্ধ কৰিছে যুৱকক ৷ কোন দিশে সমগ্ৰ কাৰ্যকলাপ ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ চাণক্য বৰুৱাৰ এক বিশেষ প্ৰতিবেদন...

নিউজ ডেস্ক, 26 ডিচেম্বৰ : শেহতীয়াকৈ আলফা(স্বা)ই ৰাজ্যৰ কেবাটাও স্থানত পুনৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিছে ৷ এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ পাছতে আলফা(স্বা)ই দায়িত্বও স্বীকাৰ কৰিছে ৷ তেনে সময়তে মঙলবাৰে খবৰ আহিল যে 29 ডিচেম্বৰত আলোচনাপন্থী আলফাৰে শান্তিচুক্তি স্বাক্ষৰিত হ’ব দিল্লীত ৷

শান্তিচুক্তি স্বাক্ষৰিত হ’বলৈ বাকী আছে মাত্ৰ তিনিটা দিন ৷ ইফালে সংগঠনটোৰ এটা পক্ষই অৰ্থাৎ আলফা(স্বা)ই বিগত কেইটামান দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পিছত আলফা(স্বা) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ মাজত চলি আছে তীব্ৰ বাকযুদ্ধ৷ আলোচনাৰ মেজলৈ আহিবলৈ নিবিচৰা পক্ষটোৱে বাৰে-বাৰে ডিজিপি জি পি সিঙক প্ৰত্যাহ্বান জনাই আহিছে আৰু ডিজিপিগৰাকীয়েও আলফা(স্বা)ক উদ্দেশ্যি কেতবোৰ মন্তব্য প্ৰকাশ কৰি আহিছে ৷

অসম আৰক্ষী আৰু আলফা(স্বা)ৰ মাজত একপ্ৰকাৰে সংঘাত অব্যাহত থকাৰ সময়তে শান্তিচুক্তিত স্বাক্ষৰ কৰি আলফাৰ এটা ফৈদে এক দীঘলীয়া সমস্যাৰ ওৰ পেলাবলৈ আগবাঢ়িছে যদিও এইখিনিতে থাকি গ’ল বহু উত্তৰবিহীন প্ৰশ্ন ৷ 29 ডিচেম্বৰত যে অৰবিন্দ ৰাজখোৱা-অনুপ চেতিয়া নেতৃত্বাধীন আলফাৰ সৈতে এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’ব সেই সন্দৰ্ভত নিশ্চয় অৱগত নোহোৱাকৈ থকা নাছিল আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱা ৷

যাৰ বাবে সংগঠনটোৰ অস্তিত্ব জাহিৰ কৰাৰ স্বাৰ্থতেই হয়তো বহু বিৰতিৰ পাছত হঠাৎ কূটাঘাতমূলক কাৰ্যকলাপৰ প্ৰতি অগ্ৰসৰ হ’ল আলফা(স্বা)৷ ইফালে আলোচনাপন্থী আলফাৰে শান্তিচুক্তিৰ নিকট সময়তেই পৰেশ বৰুৱা আৰু জিপি সিঙৰ মাজত চলা বাকযুদ্ধৰ মাজতেই ৰহস্যজনকভাৱে কেবাজনো যুৱকক আলফা(স্বা)ৰ সন্দেহত আৰক্ষীয়ে গুলীয়াই আহত কৰিছে ৷

আনকি যিটো দিনত আলফাৰে শান্তিচুক্তিৰ ভাল খবৰটো আহিল, সেইটো দিনটোতেই আলফা(স্বা)ৰ সন্দেহত লকআপত ৰখা এজন যুৱকে আত্মহত্যা কৰাৰ খবৰো আহিল ৷ এনেবোৰ ঘটনাৰ পাছত আলফা-আলফা(স্বা) আৰু অসম আৰক্ষীৰ সমগ্ৰ গতিবিধিয়ে এক ধূৱলি-কুঁৱলী বাতাবৰণৰ সৃষ্টি কৰিছে ৷

ইফালে আলফা-চৰকাৰৰ শান্তিচুক্তিৰ প্ৰসংগত পৰেশ বৰুৱা পক্ষই এই পৰ্যন্ত স্বাভাৱিকতেই কোনোধৰণৰ প্ৰতিক্ৰিয়া অথবা মতামত প্ৰকাশ কৰা নাই ৷ এয়া কিহৰ ইংগিত বুলি ভবাৰো নিশ্চয় অৱকাশ আছে ৷ কেৱল পৰেশ বৰুৱাই নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বিষয়টোৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিলে এনেদৰে উত্তৰসমূহ দিয়া দেখা যায় যেন তেওঁ আঁতৰি থাকিবলৈ বিচাৰিছে এনেধৰণৰ প্ৰশ্নসমূহৰ পৰা ৷

নিষিদ্ধঘোষিত সংগঠনটোৰ পৰা আঁতৰি অহা একাংশ নেতাই 29 নৱেম্বৰত স্বাক্ষৰ কৰিব শান্তিচুক্তিত ৷ সেই চুক্তিত স্বাভাৱিকতেই নাথাকিব সাৰ্বভৌমত্বৰ প্ৰসংগ ৷ তেনে সময়তে আলফা(স্বা)ই সংঘটিত কৰি আছে ইটোৰ পাছত সিটো কূটাঘাটমূলক কাৰ্যকলাপ ৷ সমান্তৰালকৈ অসম আৰক্ষীৰ লগতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আলফা(স্বা)ৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ লগতে আৰক্ষীয়েও গুলীবিদ্ধ কৰিছে বহু যুৱকক ৷

বছৰটোৰ শেষত শান্তিচুক্তিৰ জৰিয়তে এক ইতিবাচক বাৰ্তা অসমবাসীক দিবলৈ প্ৰয়াস কৰা হৈছে ৷ এই প্ৰয়াস আদৰণীয় ৷ কিন্তু ৰক্তবীজ হৈ এটা ফৈদ যে এতিয়াও বহু দূৰত ৰৈ গ’ল, সেই ফৈদটোক উলিয়াই আনি চিৰদিনৰ বাবে স্থায়ী এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰাটোহে এতিয়া প্ৰধান কথা ৷ নিশ্চিতভাৱে 2024 বৰ্ষৰ জানুৱাৰী মাহটো অসমৰ ৰাজনীতি আৰু সমাজ জীৱনৰ বাবে এক উল্লেখযোগ্য মাহ হিচাবে বিবেচিত হ’ব আৰু এইক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিব পৰেশ বৰুৱা আৰু অসম চৰকাৰে ৷

লগতে পঢ়ক: 12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.