ETV Bharat / state

Human traffickers detain: মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ হ’ল আমগুৰিৰ অপহৃত শিশুটি

author img

By

Published : Dec 20, 2022, 8:58 PM IST

Updated : Dec 20, 2022, 10:46 PM IST

Minor Human traffickers detain from Jorhat
ৰাজ্যত আকৌ সক্ৰিয় হৈছে মানৱ সৰবৰাহকাৰী চক্ৰ

ৰাজ্যত আকৌ সক্ৰিয় হৈছে মানৱ সৰবৰাহকাৰী চক্ৰ (Human trafficking racket in Assam) ৷ এইবাৰ যোৰহাটত মানৱ সৰবৰাহকাৰী চক্ৰ পৰা উদ্ধাৰ হৈছে আমগুৰিৰ পৰা অপহৃত এটি শিশু ৷ লগতে আটক লৈছে এগৰাকী নাবালিকা (Human traffickers detain from Jorhat) ৷

মানৱ সৰবৰাহকাৰী চক্ৰ পৰা উদ্ধাৰ আমগুৰিৰ অপহৃত এটি শিশু

যোৰহাট, 20 ডিচেম্বৰ : সাৱধান ! ৰাজ্যত বৰ্তমানেও অব্যাহত আছে মানৱ সৰবৰাহকাৰী চক্ৰৰ কাৰ্য-কলাপ (Human trafficking racket in Assam)। এইবাৰ যোৰহাটৰ আই এছ বি টিত অপহৰকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে এটি 10 মহীয়া শিশু ৷ আনকি এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে এগৰাকী নাবালিকা (Human traffickers detain from Jorhat) ৷

তথ্য অনুসৰি, মঙলবাৰে পুৱাৰ ভাগত মাতৃৰ কোলাৰ পৰাই শিৱসাগৰৰ আমগুৰি এটি 10 মহীয়া শিশু নিৰুদ্দেশ হৈছিল ৷ শিশুটিৰ মাতৃক আষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকাই প্ৰহাৰ কৰি মাতৃৰ কোলাৰ পৰাই কাঢ়ি আনিছিল শিশুটি ৷ নাবালিকাগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল শিশুটিৰ মাতৃ ৷

পৰৱৰ্তী সময়ত শিশুটি আৰু মাতৃক বিচাৰি পৰিয়ালৰ লোকে চলাথ কৰি ফুৰিছিল ৷ কিন্তু শিশুটি আৰু মাতৃগৰাকীৰ কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে কাষ চাপে আমগুৰি আৰক্ষীৰ ৷ লগতে আমগুৰি থানাত শিশুটিৰ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ ৷ এই অজাহাৰ লাভ কৰিয়েই আমগুৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ আনকি আমগুৰি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কাষৰীয়া জিলাকেইখনৰ আৰক্ষীকো অৱগত কৰে ৷

লগতে পঢ়ক : Human trafficking racket at Jonai : চিলাপথাৰ পৰা আটক মানৱ সৰবৰাহকাৰী

আনহাতে, আমগুৰি আৰক্ষীৰ তথ্য মতে যোৰহাট আৰক্ষীয়েও চলাই এক অভিযান ৷ লগতে যোৰহাট আৰক্ষীয়ে অভিযুক্ত নাবালিকাগৰাকীৰ ফোন ট্ৰেচ কৰে ৷ অভিযুক্ত নাবালিকাগৰাকীৰ ফোন ট্ৰেচ কৰিয়েই যোৰহাটৰ আই এছ বি টি পৰা নিৰুদ্দেশ হোৱা শিশুটিসহ আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত নাবালিকাগৰাকীক ৷

জানিব পৰা মতে, যোৰহাট সদৰ আৰক্ষী চকীত সুৰক্ষিত হৈ আছে উদ্ধাৰ কৰা শিশুটি । আনহাতে, অভিযুক্ত নাবালিকাগৰাকীক যোৰহাট আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে ৷ বাতৰি যুগুত কৰা পৰলৈকে যোৰহাট সদৰ আৰক্ষী চকীত উপস্থিত হৈছেগৈ আমগুৰি আৰক্ষীৰ এটা দলো ৷

ইফালে এই ঘটনাৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ লগতে স্থানীয় সচেতন ৰাইজে । কাৰণ এই চক্ৰটোৱে শিশুটিক অপহৰণৰ বাবে এগৰাকী নাবালিকাক ব্যৱহাৰ কৰিছে । ইতিমধ্যে এই চক্ৰটো সন্ধানত নামি পৰিছে যোৰহাট আৰক্ষী ৷

আনহাতে, চৰাইদেউৰ সাংবাদিকৰ পৰা লাভ কৰা তথ্য অনুসৰি, যোৰহাটত উদ্ধাৰ হোৱা 10 মহীয়া কণমানিটিৰ মাতৃ নিতুমণি লুখুৰাখনে কণমানিটিৰ আধাৰ কাৰ্ড বনোৱাৰ উদ্দেশ্যে সোমবাৰে ঘৰৰ পৰা উলাই গৈছিল ৷ টেঙাপুখুৰীৰ এগৰাকী মহিলাই শিমলুগুৰি নগৰলৈ মাতি আধাৰ কাৰ্ড বনোৱাৰত সহায় কৰি দিম বুলি নিতুমণি লুখুৰাখনক মাতি পঠিয়াইছিল ৷ তাৰ পিচৰে পৰাই নিৰুদ্দেশ হৈ আছিল নিতুমণি লুখুৰাখন আৰু তেওঁৰ 10 মহীয়া শিশুটি ৷

মঙলবাৰে চৰাইদেউ জিলাৰ লাকুৱাৰ ৰজাবাৰী চাহ বাগিছাৰ নলাত উদ্ধাৰ কৰা হয় নিতুমণি লুখুৰাখনৰ মৃতদেহ (Body found at Rajabari Tea Estate) ৷ ইফালে আৰক্ষীৰ তৎপৰতাত এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত শিৱসাগৰৰ পৰা অভিযুক্ত এগৰাকী মহিলাসহ দুজন লোকক আটক কৰি আৰক্ষীয়ে সোধ-পোচ কৰে (Accused of killing mother and kidnapping child arrested) ৷

আৰক্ষীৰ সোধ-পোচৰ অন্তত আটকাধীন অভিযুক্ত মহিলাগৰাকী আৰু দুজন লোকে শিশুটি অপৰহৰণ কৰি নিশাই এক দম্পত্তিৰ হাতত যোৰহাটলৈ প্ৰেৰণ কৰা বুলি নিশ্চিত হয় ৷ সেই অভিযুক্ত দম্পত্তিটোৰ সৈতে আছিল তেওঁলোকৰ এজনী ছোৱালী ৷

কিন্তু যোৰহাটৰ সাংবাদিকে প্ৰেৰণ কৰা তথ্য মতে, অপহৃত শিশুটি এগৰাকী নাবালিকাৰ পৰাহে উদ্ধাৰ কৰা হৈছে ৷ নাবালিকাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৷ আটকাধীন নাবালিকাগৰাকী অভিযুক্ত দম্পত্তিৰে জীয়ৰী বুলি জানিব পৰা গৈছে ৷ ইফালে বাতৰি যুগুত কৰা পৰলৈকে কোনো সন্ধান লাভ কৰা নাই অভিযুক্ত দম্পত্তিটোৰ ৷

লগতে পঢ়ক : Human trafficking racket in Morigaon: মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ

Last Updated :Dec 20, 2022, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.