ETV Bharat / state

Pijush Hazarika: অসমত 11 খন লোকসভা আসন লাভ কৰিব বিজেপিয়ে; পীযুষ হাজৰীকাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:39 PM IST

লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 14 খন আসনৰ ভিতৰত 11 খন আসন লাভ কৰিব ৷ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত বহিব নৰেন্দ্ৰ মোদী ৷ এই দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Pijush Hazarika
Pijush Hazarika

গোলাঘাটৰ দেৰগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকা

যোৰহাট, 9 ছেপ্টেম্বৰ: শনিবাৰে গোলাঘাটৰ দেৰগাঁৱত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ এইবাৰ অসন্তুষ্ট বিজেপিৰ দলীয় কৰ্মীক পুনৰ মিলন কৰাৰ দায়িত্বত দেখা পোৱা গ’ল মন্ত্ৰীগৰাকীক ৷ কিয়নো বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভাৰ 9 গৰাকীকৈ পৌৰ সদস্যই পৌৰ নেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি পৌৰসভা অস্থিৰ কৰি তুলিছিল ৷ কিন্তু মন্ত্ৰী পীযুষ হাজৰীকাই দেৰগাঁৱৰ ভাঙোনমুখী পৌৰসভাৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিয়া পৰিলক্ষিত হয় ।

সেই মৰ্মে দেৰগাঁও পৰিদৰ্শন বাংলোত শনিবাৰে মন্ত্ৰীগৰাকীয়ে 9 গৰাকী অসন্তুষ্ট ৱাৰ্ড কমিচনাৰৰ সৈতে এক বৈঠকত মিলিত হয় আৰু উক্ত বৈঠকৰ পিছতেই পৌৰকৰ্মীসকলে লোৱা অনাস্থা প্ৰস্তাৱ মন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে বাতিল কৰি পুনৰ পূৰ্বৰ দৰেই হৈ থকাৰ সন্মতি প্ৰদান কৰে ৷ ফলত পূৰ্বৰ দৰে হৈ থাকিল দেৰগাঁও পৌৰসভা ।

আনহাতে কংগ্ৰেছ দলৰ প্ৰসংগত পীযুষ হাজৰীকাই মন্তব্য প্ৰদান কৰি কয় যে বাগিচা অঞ্চলত কংগ্ৰেছৰ সভাত এশ ডেৰশতকৈ মানুহ নহয় ৷ গতিকে ইয়াক লৈ শংকিত হোৱাৰ কোনো প্ৰশ্নই নাহে ৷ কংগ্ৰেছে বাগান অঞ্চলত বনভোজ খাবলৈ যোৱা বুলিও হাজৰীকাই কটাক্ষ কৰে ।

কেৰালা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে যি কেইটা সমষ্টিত কংগ্ৰেছ জিকিছে সেয়া নতুন কথা নহয় ৷ সেই সমষ্টিত পূৰ্বৰে পৰা কংগ্ৰেছৰেই আছিল ৷ NDAয়ে বিৰোধী ঐক্য তথা I.N.D.I.Aৰ পৰা এখন আসন কাঢ়ি আনিছোঁ বুলি মন্তব্য কৰে হাজৰীকাই ৷

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 14 খন আসনৰ ভিতৰত 11 খন আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি সমগ্ৰ দেশত বিজেপিয়ে 300খন আসনত জয় লাভ কৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: AGP Press Meet: কলিয়াবৰত অগপৰ বিশেষ সাংগঠনিক সভা; কাজিৰঙা লোকসভা আসন বিচাৰিব অগপই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.