ETV Bharat / state

Assam movement leader in Jorhat: অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

author img

By

Published : Mar 3, 2023, 10:56 AM IST

Assam movement leader in Jorhat
অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

এসময়ৰ অসম আন্দোলনৰ নেতা আজি মুখ্যমন্ত্ৰী হৈছে, মন্ত্ৰী হৈছে আৰু ডাঙৰ ডাঙৰ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে । তেনে সময়তে অঘৰীৰ দৰে জীৱন যাপন কৰিছে অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতাই (Life struggle of Assam movement leader)। হোটেলৰ ৰৈ যোৱা খাদ্যৰে ক্ষুধা নিবাৰণ ।

অঘৰীৰ জীৱন কটাইছে অসম আন্দোলনৰ নেতাই

যোৰহাট, ৩ মাৰ্চ : অঘৰীৰ জীৱন যাপন কটাবলগীয়া হৈছে অসম আন্দোলনৰ এগৰাকী সক্ৰিয়া নেতাই (Life struggle of Assam movement leader)। হোটেলৰ পেলনীয়া খাদ্য সংগ্ৰহ কৰি খাই কোনোমতে জীয়াই আছে নেতাগৰাকী । বাট-পথ আৰু জংঘলকে সাৰথি কৰি বাসস্থানৰূপে ব্যৱহাৰ কৰি লৈছে এসময়ৰ অসম আন্দোলনৰ নেতাগৰাকীয়ে ।

শেহতীয়াকৈ তেওঁৰ এই দুৰ্বিষহ জীৱন যাপন সম্পৰ্কে সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল । তেওঁৰ খবৰ পোৱাৰ পাছতে সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন । অসম আন্দোলনত অংশগ্ৰহণ কৰা যোৰহাটৰ এই ব্যক্তিগৰাকী হৈছে আলিমুদ্দিন আলী (Jorhat Alimuddin Ali)। সংবাদমাধ্যমৰ আগত তেওঁ জনোৱা মতে, অসম আন্দোলনত তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল । আনকি সেই সময়ত স্বেচ্ছাসেৱকৰ অধিনায়কৰ দায়িত্বও তেওঁ পালন কৰিছিল ।

অসম আন্দোলনত জড়িত হোৱাৰ বাবে তেওঁ কাৰাবাসও খাটিবলগীয়া হৈছিল । কেৱল ইমানে নহয় অসম আন্দোলনৰ বাবে নিজৰ চৰকাৰী চাকৰিও হেৰুৱাবলগীয়া হৈছিল আলিমুদ্দিন আলীয়ে । যোৰহাট জিলাৰ চিনামৰাত দিগন্ত দত্ত নামৰ এগৰাকী সচেতন লোকে আলিমুদ্দিন আলীক হোটেলৰ পেলনীয়া খাদ্য লৈ অহা প্ৰত্যক্ষ কৰিছিল । পাছত দিগন্ত দত্তই তেওঁক সোধাপোছা কৰাত ওলাই পৰে আলিমুদ্দিনৰ জীৱন সংগ্ৰামৰ কথা ।

লগে লগে দিগন্ত দত্তই বিষয়টো সামাজিক মাধ্যমত উল্লেখ কৰে । ব্যক্তিগৰাকীৰ সামাজিক মাধ্যমৰ পোষ্টটো পঢ়ি এইবাৰ আলিমুদ্দিনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন । অসম আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা আলিমুদ্দিন আলীৰ বৰ্তমান নাই কোনো নিজা ঘৰ । নাই কোনো পৰিয়ালৰ লোক ।

অসমৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা এইজন আলিমুদ্দিন আলীৰ কৰুণ কাহিনী সহজভাৱে ল'ব পৰা নাই যোৰহাটৰ ৰাইজে । সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজনৰ লগতে যোৰহাট জিলা মহকুমা ছাত্র সন্থা । অসম আন্দোলনৰ সময়ত অসম কৃষি বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগৰ পৰা অসম আন্দোলনত জড়িত হৈ পৰাৰ বাবে সেই সময়ত চাকৰিৰ পৰা অব্যাহতি দিছিল আলিমুদ্দিন আলীক (Alimuddin lost his job during Assam movement)।

সেই সময়ত আলীয়ে অসম আন্দোলনৰ সমগ্ৰ খবৰ ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিবৰ বাবে প্ৰকাশ কৰিছিল শৰাইঘাটে ৰিঙিয়াই নামৰ এখন বাতৰি কাকত । যিখন বাতৰি কাকত প্ৰকাশ কৰিবৰ বাবে তেওঁ লেঠু মেচিন এটা স্থানৰ পৰা আন ঠাইলৈ নিব লগীয়া হৈছিল । সেই কথা স্পষ্টকৈ প্ৰকাশ কৰিলে আলিমুদ্দিন আলীয়ে । উচ্চ শিক্ষা গ্ৰহণ কৰি অসম আন্দোলনৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰা আলিমুদ্দিন আলীক এতিয়া প্ৰয়োজন অকণমান সহায়ৰ ।

নিজৰ সকলো দুখ বেদনা বুকুত বান্ধি চৰকাৰলৈ তেওঁৰ আহ্বান অকণমান সহায়ৰ । ইতিমধ্যে অসম আন্দোলনৰ সক্ৰিয় নেতা আলিমুদ্দিন আলীক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিদেশৰ এগৰাকী প্ৰবাসী অসমীয়া ।

লগতে পঢ়ক :Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.