ETV Bharat / state

Fraud in Jorhat : সোণ পৰিস্কাৰ কৰাৰ নামত প্ৰৱঞ্চনাৰ বেহা যোৰহাটত

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:54 PM IST

fraud in Jorhat
যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই প্ৰৱঞ্চকক

উজনিত আন্তঃৰাজ্যিক প্ৰৱঞ্চক দলৰ বাহৰ । যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰিলে দুই প্ৰৱঞ্চকক । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৷

যোৰহাট, 24 ছেপ্টেম্বৰ: উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটটো প্ৰৱঞ্চনাৰ জাল পাতিছে একাংশ দুষ্ট চক্ৰই ৷ যোৰহাটৰ বিভিন্ন প্ৰান্তত বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলে বাহৰ পাতি বিভিন্ন প্ৰলোভনেৰে একাংশ লোকৰ পৰা লুটি নিছে সোণ ৰূপকে আদি কৰি বিভিন্ন মূল্যৱান সামগ্ৰী । এই চক্ৰটোৰ দুটা প্ৰৱঞ্চক বৰ্তমান যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, সোণ চাফা কৰাৰ নামত একাংশ দুষ্ট চক্ৰই জিলাখনত পাতিছিল প্ৰৱঞ্চনাৰ বেহা ৷ সোণৰ অলংকাৰৰ লগতে বিভিন্ন মূল্যৱান সামগ্ৰী পৰিস্কাৰ কৰাৰ নামত বিশেষ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে আচল সোণ নিজৰ লগত ৰাখি নকল সোণ গৃহস্থক উভতাই এই প্ৰৱঞ্চকৰ চক্ৰটোৱে লুট চলায় আহিছিল জিলাখনৰ বিভিন্ন স্থানত ৷ স্থানীয় ৰাইজৰ সহযোগত ৰজাবাৰী অঞ্চলৰ পৰা এখন মটৰ চাইকেলসহ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চক্ৰটোৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈ অহা দুই প্ৰৱঞ্চকক ।

অভিযুক্ত প্ৰৱঞ্চক দুটা ক্ৰমে বিহাৰৰ কাটিহাৰ জিলাৰ আশীষ কুমাৰ শ্বাহ (29) আৰু পংকজ শ্বাহ (51) । তাৎপৰ্যপূৰ্ণ বিষয় যে, বিভিন্ন সময়ত বিভিন্ন ঠাইত এই দুই প্ৰৱঞ্চকে বিভিন্ন কথাৰে প্ৰলোভন দেখুৱাই ব্যক্তি বিশেষক জালত পেলাই অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷ সোণ চাফা কৰি দিয়াৰ নামত নকল সোণ প্ৰদান কৰি আচল সোণ লৈ উক্ত স্থানৰ পৰা উধাও হয় বুলিও অভিযোগ আছে দুই অভিযুক্তৰ বিৰুদ্ধে ।

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত পিয়াপি দি ফুৰা এনে প্ৰৱঞ্চক দলৰ কৱলত পৰি বহু লোক বৰ্তমান সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে এনে প্ৰৱঞ্চক চক্ৰৰ হাতৰ পৰা সজাগ হৈ থাকিবলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষীয়ে ৷ লগতে, সন্দেহজনক লোকৰ গতি বিধি দেখিলেই তৎক্ষণাত আৰক্ষীৰ কাষ চাপিবলৈ আৰক্ষীয়ে আহ্বান জনায় ৷

লগতে পঢ়ক: Narcotic substances seized: সৰবৰাহকাৰীসহ কাছাৰত জব্দ প্ৰায় 2 কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.