ETV Bharat / state

টীয়কৰ শিক্ষক পৰাগ শইকীয়ালৈ "গ্ল'বেল টিচাৰ এৱাৰ্ড"

author img

By

Published : Sep 8, 2021, 6:48 PM IST

শিক্ষাৰে সমাজত পোহৰ বিলাবলৈ শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰা টীয়কৰ শিক্ষক পৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে "গ্ল'বেল টিচাৰ এৱাৰ্ড" । ১১০ খন দেশৰ শিক্ষকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে । সকলো দিশত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধন কৰাৰ বাবে প্ৰয়াস কৰি অহা পৰাগ শইকীয়াকো এই বঁটাৰ বাবে বাছনি কৰা হৈছে ।

Global teacher award to Parag Saikia
টীয়কৰ শিক্ষক পৰাগ শইকীয়ালৈ "গ্ল'বেল টিচাৰ এৱাৰ্ড"

টীয়ক, ৮ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ বাবে বাছনি কৰা হৈছে যোৰহাটৰ টীয়কৰ শিক্ষক পৰাগ শইকীয়াৰ নাম । টীয়কৰ বনাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ "গ্ল'বেল টিচাৰ এৱাৰ্ড" । যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল বাছনি প্ৰক্ৰিয়াত নিজে কৰা কামৰ ওপৰত বিষদ ব্যাখ্যা আগবঢ়ায় পৰাগ শইকীয়াই । ইয়াৰ পাছতে বিচাৰকমণ্ডলীয়ে তেওঁ বাছনি কৰে ।

টীয়কৰ শিক্ষক পৰাগ শইকীয়ালৈ "গ্ল'বেল টিচাৰ এৱাৰ্ড"

১০ অক্টোবৰত ভাৰ্চুৱেল মাধ্যমেৰে বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষকসকলক এই বঁটা প্ৰদান কৰা হ'ব ৷ উল্লেখ্য যে, ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা ব্যয়েৰে বনাই উচ্চ মাধ্যমিক বিদ্যালয়ত এটা ডিজিটেল শ্ৰেণীকোঠা স্থাপন কৰিছিল শিক্ষকগৰাকীয়ে । ২০২০ বৰ্ষত ক'ভিড-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়চোৱাত শিক্ষাৰ্থীসকলক অনলাইন পাঠদান অগবঢ়ায় । লগতে ক'ভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে লকডাউনৰ সময়চোৱাত "খোজ" নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল শিক্ষক পৰাগ শইকীয়াই ।

ইয়াৰ উপৰিও চলিত বৰ্ষত ক'ৰোণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ সময়ত সজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীসকলক লগত লৈ সজাগতামূলক পোষ্টাৰিং কাৰ্যসূচী আৰম্ভ কৰিছিল শিক্ষকজনে ।

বিদ্যালয় বন্ধ হৈ থকা সময়চোৱাত শিক্ষাৰ্থীসকলক পৰিৱেশ সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে তেওঁ "গুৰু দক্ষিণাঃ গুৰুৰ বাবে এজোপা গছ" শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে । এইসমূহ ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক "গ্ল'বেল টিচাৰ এৱাৰ্ড"ৰ বাবে বাছনি কৰা হৈছে ।

যোৰহাটৰ টীয়কৰ বনাইৰ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয়খনৰ শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰিছে । লগতে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূৱ যোৰহাট শিক্ষাখণ্ডৰ বিষয়া-কৰ্মচাৰীৰ লগতে টীয়কৰ বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে ৷

লগতে পঢ়ক:পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.