পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

author img

By

Published : Sep 8, 2021, 1:56 PM IST

Updated : Sep 8, 2021, 2:09 PM IST

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
পাটবাউসী সত্ৰ ()

ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি ৷ এই তিথিতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ইহলীলা সামৰি বৈকুণ্ঠলৈ গমন কৰিছিল ৷ সেই অনুসৰি বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠান আদিত গুৰুজনাৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে ৷

বৰপেটা, 8 ছেপ্তেম্বৰ : নামনি অসমৰ সত্ৰ নগৰী হিচাপে খ্যাত বৰপেটা ৷ অসমৰ ইতিহাসত নিগাজী স্থান আছে বৰপেটাৰ ৷ এইখন জিলাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে মহাপুৰুষ মাধৱদেৱে সত্ৰ স্থাপন কৰি ইয়াৰ মৰ্যাদা দুগুণে বৃদ্ধি কৰি থৈ গৈছে ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
পাটবাউসী সত্ৰ চৌহদ

বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি ৷ বৰপেটাৰ বহুকেইখন সত্ৰত পালন কৰা হৈছে গুৰুজনাৰ তিথি ৷ মহাপুৰুষ শংকৰদেৱে বৰপেটাত স্থাপন কৰা পাটবাউসী সত্ৰতো পালন কৰা হৈছে গুৰুজনাৰ তিথি ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
পাটবাউসী সত্ৰৰ বাহিৰৰ দৃশ্য

পূৰ্বে 10 দিনীয়াকৈ গুৰুজনাৰ তিথি পালন কৰা সত্ৰখনে এইবেলি এই কাৰ্যসূচী অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

গুৰুজনাৰ লগতে প্ৰিয় শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱৰ লগতে অনেক শিষ্যৰ মিলনভূমি পাটবাউসীক কেন্দ্ৰ কৰিয়েই অসমত ভক্তি আন্দোলনে পূৰ্ণতা পাইছিল ৷ পাটবাউসীত সত্ৰ পাতি গুৰুজনাই ১৮ বছৰ ৬ মাহ কাল অতিবাহিত কৰি অসম-কোচবিহাৰত সত্ৰ স্থাপনত আগভাগ লৈছিল ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
গুৰুজনাই লিখা সাঁচিপাতৰ পুথি

এই পাটবাউসী সত্ৰতে মহাপুৰুষ শংকৰদেৱৰ সাঁচিপাতত কৰা ৰচনাসমূহৰ লগতে ব্যৱহাৰ কৰা পীৰাখনো সংৰক্ষিত আছে ৷ পাটবাউসী সত্ৰত গুৰুজনাই ব্যৱহাৰ কৰা গা ধোৱা শিল, গুৰু পত্নী আই কালিন্দীৰ শয্যা, শয্যাৰ তুলা আদিকে ধৰি ব্যৱহাৰ কৰা অনেক সম্পদ সংৰক্ষিত হৈ আছে ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
গুৰু পত্নী আই কালিন্দীৰ শয্যা

তাৰোপৰি গুৰুজনাৰ দিনত ভাওনাত ব্যৱহৃত অনেক মুখা এতিয়াও সত্ৰখনত থকা দেখা গৈছে ৷ গুৰুজনাৰ অনেক অমূল্য সম্পদ সংৰক্ষিত হৈ থকা পাটবাউসী সত্ৰই অসমৰ সত্ৰীয়া সংস্কৃতিত সদায়েই অতুল্য স্থান লাভ কৰি আহিছে ৷

453 rd Tithi of srimanta sankardev at Patbausi Satra barpeta etv bharat news
সাঁচিপাতত বিৰচিত ৰাম বিজয় নাট

লগতে চাওক: দিহানামেৰে মুখৰিত ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰাংগণ

Last Updated :Sep 8, 2021, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.