ETV Bharat / state

Kaibarta Sanmilan files FIR : যোৰহাট কাণ্ডক লৈ বিৰূপ মন্তব্য কৰাসকলৰ বিৰুদ্ধে শাস্তিৰ দাবী

author img

By

Published : Dec 5, 2021, 12:50 PM IST

Kaibarta Sanmilan files FIR
সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ এজাহাৰ দাখিল

টীয়ক থানাত এজাহাৰ দাখিল সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনী (Kaibarta Sanmilan files FIR against who made communal remarks on social media)ৰ ৷ যোৰহাট গণ প্ৰহাৰৰ কাণ্ড(Jorhat Mob Lynching incident)ক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে এই এজাহাৰখন দাখিল কৰে সংগঠনটোৱে ৷

যোৰহাট, 5 ডিচেম্বৰ : যোৰহাটৰ গণ প্ৰহাৰৰ কাণ্ড(Jorhat Mob Lynching incident)ক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে টীয়ক থানাত দাখিল কৰা হৈছে এখন এজাহাৰ ৷ যোৰহাট কাণ্ডৰে জড়িত অভিযুক্তসকলক লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া ভাগত টীয়ক থানাত এজাহাৰ দাখিল কৰে সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীয়ে(Kaibarta Sanmilan files FIR against who made communal remarks on social media) ।

নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ নেতৃত্বত যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত হোৱা গণ প্ৰহাৰত অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনৰ মৃত্যু(Animesh Bhuyan murder case) হোৱাৰ উপৰিও আন দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল । এই ঘটনাৰ পাচতে একাংশ লোকে কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি সামাজিক মাধ্যমযোগে বিৰূপ মন্তব্য প্ৰদান কৰি জন মানসত জাতিটোক অপমান কৰা পৰিলক্ষিত হৈছে ৷

সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ এজাহাৰ দাখিল

এই কাৰ্যত ক্ষুণ্ণ হৈ সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনীৰ সহকাৰী সচিব পলাশমণি দাস আৰু সমাজ কল্যাণ সচিব পংকজ দাসে টীয়ক থানাত প্ৰিঞ্চি চুতীয়া, গৌতম হাজৰিকা, প্ৰাগজ্যোতিষপুৰ অসম, নিলোৎপল বৰা, ৰাজীৱ পাণ্ডে, পলাশ খাটনিয়াৰ আৰু ৰাজমণি বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । লগতে এনে মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱাসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ।

লগতে পঢ়ক : Jorhat Mob Lynching : তথ্য প্ৰদানৰ বাবে আৰক্ষীয়ে মুকলি কৰিলে ই-মেইল আৰু হোৱাটচ এপ নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.