ETV Bharat / city

Jorhat Mob Lynching : তথ্য প্ৰদানৰ বাবে আৰক্ষীয়ে মুকলি কৰিলে ই-মেইল আৰু হোৱাটচ এপ নম্বৰ

author img

By

Published : Dec 3, 2021, 10:02 PM IST

Jorhat mob lynching
Jorhat mob lynching

অনিমেষ ভূঞা হত্যা ঘটনাৰ তদন্তৰ বাবে যোৰহাট আৰক্ষীয়ে প্ৰকাশ কৰিলে ই-মেই আৰু হোৱাটচ এপ নম্বৰ (Jorhat poloice opened WhatsApp number and email id) ৷ আটকাধীন ১৩ জনৰ বাহিৰেও আন আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

যোৰহাট, 3 ডিব্ৰুগড় : ৰাজ্য কঁপোৱা অনিমেষ ভূঞা হত্যা (Animesh Bhuyan murder case) ঘটনাৰ ইতিমধ্যে ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে । এই ১৩ জনৰ বাহিৰেও আন আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ দুৰ্ঘটনাত মৃত্যু হৈছে (Kola lora death)৷ এই ঘটনা সমগ্ৰ সন্দৰ্ভত তদন্তৰ বাবে যোৰহাট আৰক্ষীয়ে এটা বিশেষ অনুসন্ধান দল গঠন কৰি দিছে । যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এখন সংবাদ মেলযোগে জানিবলৈ দিয়ে এই কথা ৷

এই বিশেষ দলটোৱে সমগ্ৰ ঘটনাৰ লগত জড়িত তথ্য আৰু সাক্ষ্য সংগ্ৰহ কৰিব । আনহাতে এই বিশেষ অনুসন্ধান দলটোৰ সৈতে আন চাৰিটা বিশেষ দল গঠন কৰি দিয়া হৈছে (Jorhat police special team)। সমগ্ৰ ঘটনাৰ লগত জড়িত এই ১৩ জনৰ বাহিৰেও আন আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । সেয়েহে আৰক্ষীৰ সহায় হোৱাকৈ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

আৰক্ষীয়ে মুকলি কৰিলে ই-মেইল আৰু হোৱাটচ এপ নম্বৰ

যোৱা 29 নৱেম্বৰত, যোৰহাট চহৰৰ মাজমজিয়াত এদল উন্মাদ লোকৰ নিৰ্বিচাৰ আক্ৰমণত অনিমেষ ভূঞা নামৰ এজন আছু নেতাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল আন দুজন (Mob lynching in Jorhat) ৷ কোনো ব্যক্তিৰ লগত যদি উক্ত ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ মজুত আছে সেইসকল ব্যক্তিক আৰক্ষীয়ে প্ৰদান কৰা ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে ।

ষোৰহাট আৰক্ষীয়ে এটা ই-মেইল আই ডি আৰু এটা হোৱাটচ এপ নম্বৰৰ ব্যৱস্থা কৰিছে । হোৱাটচ্ এপ নম্বৰটো হৈছে 94357-13910 আৰু ই-মেইল আই ডিটো হ’ল spofficejht2021@gmail.com ৷ ইতিমধ্যে বহুকেইটা ভিডিঅ’ আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ সহযোগত । আনহাতে গোপনে ভিডিঅ’ তথা ফটো বা আন তথ্য যোগান ধৰা লোকৰ নাম-ঠিকনা সম্পূৰ্ণৰূপে গোপনে ৰখা হ’ব বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক অংকুৰ জৈনে ৷

উল্লেখযোগ্য যে, এই ঘটনাৰ লগত জড়িত টীয়কৰ সুভাস বৰা সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে জনাই যে, যদি তেওঁলোকৰ তথ্য সঠিক হয় নিশ্চিতভাৱে আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব । নিৰ্মল চাৰিআলিৰ এই বৰ্বৰোচিত ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছিল ৷ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যুত সেয়ে আনন্দ উৎসৱ কৰা দেখা গৈছিল যোৰহাটৰ লোকসকলক ৷

লগতে পঢ়ক : Death of Jorhat Mob Lynching Accused : ক’লা ল’ৰাৰ মৃত্যুত কিয় উৎফুল্লিত যোৰহাটবাসী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.