ETV Bharat / state

সোপাধৰাৰ সন্দেহত ফেৰীৱালাক প্ৰাণে মৰাৰ ভাবুকি

author img

By

Published : Sep 25, 2022, 1:44 PM IST

ferryman  threatened with death on suspect of kidnapping
সোপাধৰাৰ সন্দেহত ফেৰীৱালাক প্ৰাণে মৰাৰ ভাবুকি

ৰাজ্যৰ ভিন্ন প্ৰান্তত সোপাধৰাৰ গুজৱে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে এইবাৰ যোৰহাট জিলাৰ টীয়কত পোহৰলৈ আহিছে অনুৰূপ ঘটনা ৷ টীয়কৰ কাকজান মৰিয়াগাঁৱৰ কেইবাজনো ফেৰীৱালাক ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে (Tense situation over Sopadhara at Teok) ৷

টীয়ক, 25 ছেপ্টেম্বৰ: ৰাজ্যজুৰি সোপাধৰাৰ আতংকই ত্ৰাসৰ সৃষ্টি কৰিছে (Sopadhara rumours in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সোপাধৰাৰ গুজৱে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে এইবাৰ যোৰহাট জিলাৰ টীয়কত পোহৰলৈ আহিছে অনুৰূপ ঘটনা (Tense situation over Sopadhara rumours) ৷

দেওবাৰে পুৱা টীয়কৰ উমাবাৰী চাহ বাগিছাৰ খেৰনী অঞ্চলত টীয়কৰ কাকজান মৰিয়াগাঁৱৰ কেইবাজনো ফেৰীৱালাক ৰাইজে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে (Tense situation over Sopadhara at Teok)৷ জানিবপৰা মতে আজি পুৱা আন দিনৰ দৰে এইসকল ফেৰীৱালাই বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে সেই পথে কেইবাখনো গাড়ীসহ যাত্ৰা কৰে ৷ ফলত সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ আতংকিত ৰাইজে ব্যৱসায়ীকেইজনক প্ৰথমে সোধা পোছ কৰে (Ferrymen threatened with death )৷

সোপাধৰাৰ সন্দেহত ফেৰীৱালাক প্ৰাণে মৰাৰ ভাবুকি

ব্যৱসায়ী কেইজনে নিজকে সমীপৱৰ্তী গাঁৱৰ লোক বুলি কোৱাৰ পিছতো গাঁৱৰ লোকে বিশ্বাস নকৰাত তেওঁলোকে নিজৰ পৰিচয় পত্ৰকে ধৰি তথ্য পাতি দেখুৱায় (Suspect of kidnapping at Teok)৷

এই কথাতো ক্ষান্ত নহয় পৰৱৰ্ত্তী সময়ত উত্তেজিত ৰাইজে ব্যৱসায়ীকেইজনক প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহে ৷ আনকি গাঁৱৰ লোকে তেওঁলোকৰ ভোটাৰ আই ডি ভাগি ছিঙি পেলোৱাৰ লগতে পৰিচয় পত্ৰসমূহ ফালি পেলায় ৷ কোনোমতে গাঁৱৰ ৰাইজৰ মাজৰ পৰা ব্যৱসায়ীকেইজন পলাই আহি টীয়ক আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰি কয় ৷

ভুক্তভোগী ব্যৱসায়ীকেইজনে এই সন্দৰ্ভত কয় যে তেওঁলোকৰ গাঁওখনৰে প্ৰায় সংখ্যক যুৱকেই এনেদৰে বেপাৰ কৰি চলি আহিছে ৷ কিন্তু শেহতীয়াকৈ সোপাধৰাৰ আতংকৰ ফলত তেওঁলোকে গাঁওসমূহত প্ৰৱেশ কৰিবলৈ ভয় খাই ঘৰতে থাকিব লগা হৈছে ৷ ফলত তেওঁলোকে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷

অনতিপলমে এই গুজৱ সন্দৰ্ভত আৰক্ষীক ব্যৱস্থা লোৱাৰ লগতে এইসকল যুৱকক কাম কৰিবলৈ এক সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগে আহ্বান জনায় ভুক্তভোগী ব্যৱসায়ীসকলে (Case against villagers) ৷ ইতিমধ্যে ব্যৱসায়ীকেইজনে ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক: মাজুলীত সোপাধৰা নে আন কিবা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.