মাজুলীত সোপাধৰা নে আন কিবা !

author img

By

Published : Sep 22, 2022, 6:12 PM IST

Majuli

ৰাজ্যত এতিয়া সোপাধৰাৰ আতংক । তাৰ মাজতে মাজুলীত নিৰুদ্দেশ এজন কিশোৰ (Majuli boy missing)। নিৰুদ্দেশ কিশোৰৰ সন্ধানত আৰক্ষী আৰু ৰাইজ । প্ৰায় ৩ ঘণ্টাৰ পাছত কিশোৰজনক উদ্ধাৰ কৰা হ'ল । ক'ত আছিল কিশোৰজন ?

মাজুলী,২২ ছেপ্টেম্বৰ : ৰাজ্যত সম্প্ৰতি সোপাধৰাৰ আতংকই বিৰাজ কৰিছে (Sopadhara rumours in Assam)। বিশেষকৈ উজনি অসমত এই আতংকই এতিয়া ৰাইজৰ মাজত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে । যাৰ ফলত অচিনাকি ব্যক্তি দেখিলেই ৰাইজে সোপাধৰাৰ সন্দেহত শাৰীৰিক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিবলৈ লৈছে (Mob lynching case in Assam)। আনকি বহু গাঁৱত সোপাধৰাৰ ভয়ত অভিভাৱকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে নিজৰ সন্তানক ।

সোপাধৰাক লৈ এনে আতংক চলি থকাৰ মাজতে মাজুলীত চাঞ্চল্যকৰ ঘটনা । পুৱাৰে পৰা সন্ধান নাই এটি ৭ বছৰীয়া কিশোৰৰ । হুকুনামুখৰ কুলামনি পায়ুন আৰু তৰুমতি পায়ুনৰ পুত্ৰ অৰুপ পায়ুনৰ (বুলবুল) নিৰুদ্দেশৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

পৰিয়ালৰ লোক, গাঁৱৰ ৰাইজ সকলো ব্যস্ত হৈ পৰে বুলবুলৰ সন্ধানত । সোপাধৰাৰ আতংকই পুনৰবাৰ অঞ্চলটোৰ ৰাইজক শংকিত কৰি তোলে (Tense situation over Sopadhara rumours)। বুলবুলক বিচাৰি ডেকা-বুঢ়া সকলো ওলাই আহে । এক প্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলত ।

মাজুলীত সোপাধৰা নে আন কিবা

ঘটনাৰ খবৰ পোৱাৰ লগে লগে গাঁৱত উপস্থিত হয় মাজুলী আৰক্ষী । গাঁৱৰ বিভিন্নজনক সোধাপোছা আৰম্ভ কৰে আৰক্ষীয়ে । কোনোৱে কৈছে পথৰ কাষত খেলি থকাৰ পৰাই হঠাৎ সন্ধনহীন হয় কিশোৰজন । বিভিন্ন জনৰ ভিন্ন মত । কোনোৱে যদি পথৰ কাষত খেলি থকা দেখিছিল, কোনোৱে আকৌ কাৰোবাৰ ঘৰত টিভি চাবলৈ যোৱা দেখিছিল ৷ তাতে আকৌ দুই এজনে কোনোবা এজনৰ বাইকত উঠি যোৱাও দেখিছে ।

মুুুঠৰ ওপৰত বুলবুলৰ নিৰুদ্দেশক লৈ চিন্তিত সকলো ৷ ঘটনাস্থলীত বাতৰি সংগ্ৰহৰ বাবে সাংবাদিকো উপস্থিত । সাংবাদিকেও বিভিন্নজনৰ ভাষ্য সংগ্ৰহ কৰিছে ।

সকলোৰে এটাই প্ৰশ্ন ক'ত গ'ল কণমানি বুলবুল । সোপাধৰাই লৈ গ'ল নেকি বুলবুলক ? বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে প্ৰাথমিক তদন্ত শেষ কৰি যাবলৈ ওলাইছিল । তেনেতে এগৰাকী বৃদ্ধাই চিঞৰ লগালে বুলবুল এইটো । সকলোৰে দৌৰা-দৌৰি লাগিল । আৰক্ষী আৰু গাঁৱৰ ৰাইজে দৌৰি গৈ যি দেখিলে সেই দৃশ্যই সকলোকে আচৰিত কৰি তুলিলে । নিৰুদ্দেশ হোৱা বুলবুল উঠি আছে এজোপা ভেলৌ গছত ।

কান্দি থকা বুলবুলক গছৰ পৰা নমাই অনা হ'ল । অৱশেষত কেইবাঘণ্টা জোৰা উৎকণ্ঠাৰো অৱসান ঘটিল । আৰক্ষীও থানালৈ উভতি গ'ল, সাংবাদিকো আহিল আৰু গাঁৱৰ ৰাইজো নিজ নিজ ঘৰলৈ গ'ল । পিতৃ-মাতৃয়ে বুলবুলকো ঘৰলৈ লৈ গ'ল । পিছে বুলবুলে কিয় তেনেদৰে গছত উঠি আছিল ? সেয়াহে সকলোৰে ৰহস্য হৈ থাকিল ।

লগতে পঢ়ক :চিলাপথাৰ বালিগাঁৱত সোপাধৰা সন্দেহত নিৰ্বিচাৰ মাৰধৰ, সংকটজনক অৱস্থা এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.