ETV Bharat / state

ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?

author img

By

Published : Dec 17, 2021, 4:47 PM IST

eye-witnesses-are-not-cooperating-investigation-of-jorhat-lynching-case
ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?

যোৰহাটত আছু নেতা অনিমেশ ভূঞাৰ হত্যাৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ এই ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছিল বিভিন্ন মাধ্যমত ৷ পিছে এতিয়া অনিমেশ হত্যাৰ ন্যায়ৰ দিশটোলৈ আহিছে ডাঙৰ প্ৰশ্নবোধক ৷ সবিশেষ জানো আহক ৷

বোকাখাত, 17 ডিচেম্বৰ : যোৱা 29 নৱেম্বৰত অসমৰ সাংস্কৃতিক চহৰ যোৰহাটৰ মাজ-মজিয়াত এদল উন্মত্ত মানুহৰ নিৰ্বিচাৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল আছু নেতা অনিমেশ ভূঞাই(Mob lynching in Jorhat) ৷ এই ঘটনা কেৱল যোৰহাট বা অসমতে সীমাবদ্ধ হৈ থকা নাছিল, সমগ্ৰ দেশতে ইয়াক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাৰ লগে লগে আৰক্ষীয়ে আটক কৰিছিল এই ঘটনাৰ সৈতে জড়িত ইজনৰ পিছত সিজনকৈ অভিযুক্তক ৷

অৱশ্যে, ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত ক’লা ল’ৰাৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই এটা দুৰ্ঘটনাত মৃত্যু হৈছিল(Death of Kola lora) ৷ আছু নেতা অনিমেশ নিগ্ৰহ(Mob Lynches AASU Leader Animesh to Death )ৰ ঘটনাৰ অতি কম সময়ৰ ভিতৰতে ক’লা ল’ৰাৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যবাসীৰ লগতে যোৰহাটবাসীয়েও আনন্দ উল্লাস কৰা দেখা গৈছিল ৷ কিন্তু, ক’লা ল’ৰাৰ মৃত্যুৰ পিছতে অনিমেষৰ ন্যায়ৰ প্ৰসংগ বাদ পৰি ৰ’ল নেকি বুলি শেহতীয়াকৈ উত্থাপিত হৈছে এক বিৰাট প্ৰশ্নবোধক ৷

ক’লা ল’ৰাৰ মৃত্যুৰ পিছতেই শেষ হৈ গ’ল নেকি অনিমেষৰ নিগ্ৰহৰ ন্যায়ৰ প্ৰসংগ ?

দিন-দুপৰতে যোৰহাট চহৰৰ মাজ মজিয়াত অনিমেষক হত্যা কৰাৰ দৃশ্য পৰিলক্ষিত কৰিছিল বহুজনেই ৷ আনকি, এই ঘটনাৰ ভিডিঅ’ও ভাইৰেল হৈছিল বিভিন্ন মাধ্যমত ৷ কিন্তু, শেহতীয়াকৈ পুনৰ যেন এবাৰ হত্যা কৰা হ’ল ছাত্ৰ নেতা অনিমেশ ভূঞাক ৷ 29 নৱেম্বৰৰ সেই অমানুষিক ঘটনাৰ কোনেও সাক্ষী দিবৰ বাবে আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে হত্যাকাণ্ডত জড়িত একাংশ অপৰাধী এতিয়া সাৰি যোৱাৰ উপক্ৰম হৈছে ৷ আৰক্ষীয়ে বাৰম্বাৰ সাক্ষীৰ বাবে প্ৰত্যক্ষদৰ্শীক আগুৱাই আহিবলৈ আহ্বান জনাইছে ৷

ইয়াকে লৈ এক সংবাদমেল যোগে জীপাল কৃষক শ্ৰমিক সংঘ নামৰ সংগঠনটোৱে ঘটনাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা অসম আৰক্ষীৰ লোক সকলক ৰাজসাক্ষী হিচাপে বিবেচনা কৰাৰ আহ্বান জনাইছে ৷ অনিমেষ হত্যাৰ সুবিচাৰৰ বাবে সকলো জাতীয় দল সংগঠনক ওলায় আহিবলৈও আহ্বান জনায় সংগঠনটোৱে ৷ ইফালে কৃষি মন্ত্ৰী অতুল বৰায়ো(Minister Atul Borah on Jorhat mob lynching) এই ঘটনাৰ সাক্ষী নোলোৱা কথাত আচৰ্য প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে গৃহবিভাগৰ দ্বায়িত্বত থকা মূখ্যমন্ত্ৰীক এখন নিৰপেক্ষ তদন্ত সমিতি গঠন কৰি অনিমেশ ভূঞাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী জনায় ৷

লগতে পঢ়ক : Viral Video of Patharkandi Police : ভাইৰেল হ’ল আৰক্ষীয়ে ঘোচ লোৱা ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.