ETV Bharat / state

Viral Video of Patharkandi Police : ভাইৰেল হ’ল আৰক্ষীয়ে ঘোচ লোৱা ভিডিঅ’

author img

By

Published : Dec 17, 2021, 2:09 PM IST

অসম আৰক্ষীৰ সন্মানত কালিমা সানিলে পাথাৰকান্দিৰ এগৰাকী উপ পৰিদৰ্শকে ৷ উৎকোচ গ্ৰহণৰ ভিডিঅ’ ভাইৰেল (Viral Video of Patharkandi Police) হোৱাৰ পিছতে চাঞ্চল্য সৃষ্টি হৈছে কৰিমগঞ্জত ৷

a-video-of-patharkandi-police-bribe-goes-viral
পাথাৰকান্দি আৰক্ষী

কৰিমগঞ্জ, 17 ডিচেম্বৰ : কিমান নিকা অসম আৰক্ষী ? কিমান স্বচ্ছ অসম আৰক্ষীত কৰ্মৰত বিষয়া ? এটি ভাইৰেল ভিডিঅ’ই (Viral Video of Patharkandi Police) যেন তাকে প্ৰমাণ কৰিলে ৷ ভুক্তভোগীক দাবী কৰিলে 5000 টকা ৷ কিন্তু 3000 টকা দিয়াৰ পিছতো মান্তি নহ’ল ছাৰ ৷

প্ৰকৃত ঘটনা এনেধৰণৰ- কৰিমগঞ্জত দুৰ্ঘটনাগ্ৰস্ত এখন বাহন শেহতীয়াকৈ আনি ৰখা হৈছিল পাথাৰকান্দি থানাত ৷ সেইসূত্ৰে থানাখনত উপস্থিত হৈছিল বাহনখনৰ স্বত্বাধিকাৰী ৷ কিন্তু আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰে বাহনখন মুকলি কৰি দিয়াৰ সলনি স্বত্বাধিকাৰীক দাবী কৰে নগদ ধন ৷ থানাখনত কৰ্মৰত পি যতীন্দ্ৰ সিনহা নামৰ উপ পৰিদৰ্শক গৰাকীয়ে বাহনখনৰ গৰাকীক দাবী কৰে 5000 টকা (Demmand of bribe by police) ৷

আৰক্ষীৰ ঘোচ লোৱা ভিডিঅ’ ভাইৰেল

বাহনৰ গৰাকীয়ে 3000 টকা প্ৰদান কৰাৰ পিছতো নিজৰ স্থিতিত অটল হৈ থাকে বিষয়াগৰাকীয়ে ৷ অৱশেষত 4000 টকাৰ বিনিময়ত বাহনখন থানাৰ পৰা নিবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান কৰে বাহনৰ স্বত্বাধিকাৰীক ৷

আৰক্ষীৰ এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ভুক্তভোগীয়ে ম’বাইলত ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ইয়াৰ পূৰ্বেও বাহনখনৰ স্বত্বাধিকাৰীয়ে দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰাৰ সময়তো আৰক্ষীয়ে 1000 টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই কাণ্ড ভাইৰেল হোৱাৰ পিছতে বহুজনে অসম আৰক্ষীৰ স্বচ্ছতা আৰু নিকা ভাৱমূৰ্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে চাওক: দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.