ETV Bharat / state

Assam Govt Jorhat cabinet : যোৰহাট কেবিনেটত ডাম্পিং গ্ৰাউণ্ড সমস্যা সমাধানৰ দাবী

author img

By

Published : Dec 14, 2022, 5:14 PM IST

Jorhat
Jorhat

যোৰহাটত অনুষ্ঠিত হ'বলগা কেবিনেট বৈঠকতে ওলাওক নগৰৰ মাজমজিয়াত থকা ডাম্পিং গ্ৰাউণ্ডৰ সমাধান সূত্ৰ (Assam govt cabinet in Jorhat) । বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত নগৰখনৰ মাজমজিয়াত থকা ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাই ঠাই পাব বুলি আশা পুহি ৰাখিছে যোৰহাটবাসী ৰাইজে ।

যোৰহাট কেবিনেটত ডাম্পিং গ্ৰাউণ্ড সমস্যা সমাধানৰ দাবী

যোৰহাট, ১৪ ডিচেম্বৰ : যোৰহাটবাসীৰ দীৰ্ঘদিনীয়া সমস্যাটোৱে হৈছে নগৰৰ মাজমজিয়াত থকা ডাম্পিং গ্ৰাউণ্ড (dumping ground problem of Jorhat) । নগৰখনৰ মাজমজিয়াত থকা জাবৰ-জোঁথৰ পেলোৱা ডাম্পিং গ্ৰাউণ্ডখনৰ বাবে আজিৰ তাৰিখত সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে যোৰহাটবাসী । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি উক্ত ডাম্পিং গ্ৰাউণ্ডখন নগৰৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰাৰ হৈছিল যদিও আজিৰ তাৰিখলৈকে স্থানান্তৰৰ কোনো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ নকৰিলে (demanded solving dumping ground problem) ।

উক্ত ডাম্পিং গ্ৰাউণ্ডখনৰ বাবেই কাষৰীয়া লোকসকলৰ বিভিন্ন বেমাৰ-আজাৰ বিশেষকৈ চৰ্ম ৰোগত ভুগিবলগীয়া হৈছে । সেয়েহে বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত নগৰখনৰ মাজমজিয়াত থকা ডাম্পিং গ্ৰাউণ্ডৰ সমস্যাই ঠাই পাব বুলি আশা পুহি ৰাখিছে যোৰহাটবাসী ৰাইজে (Assam govt cabinet in Jorhat) ।

কেবিনেটতে সমাধান সূত্ৰ উলিয়াই গড়মূৰত থকা ডাম্পিং গ্ৰাউণ্ডখন অন্য স্থানলৈ স্থানন্তৰ কৰিব বুলি আশা পুহি ৰাখিছে । বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকলৈ আশাৰে বাট চাই ৰৈছে যোৰহাটবাসীয়ে (Jorhat people demanded to transfer dumping ground) ।

উল্লেখ্য, অহা ১৫ ডিচেম্বৰত যোৰহাট জিলাত আয়োজন কৰিবলৈ লোৱা কেবিনেট বৈঠকৰ প্ৰাক-মুহূৰ্তত মঙলবাৰে এক সংবাদমেলযোগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লগতে সোইবোৰৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে ।

যোৰহাটৰ স্বাস্থ্য শিক্ষাৰ পৰিচয় বহন কৰা ৰাজ্যৰ হোমিঅ'পেথিক চিকিৎসাৰ বাটকটীয়া জে কে শইকীয়া হোমিঅ'পথিক কলেজৰ উত্তৰণ ঘটোৱাৰ সলনি বন্ধ কৰাৰ ব্যৱস্থাহে কৰি আহিছে (JK Saikia Homoeopathic College) । অন্যহাতে, মাজুলী, যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলাৰ উপৰি নাগালেণ্ডৰ অধিকাংশ জনতাই চিকিৎসা সেৱা বিচাৰি অহা যোৰহাট চিকিৎসা মহাবিদ্যালয়খনত আজিও আৰম্ভ নহ'ল বহু গুৰুত্বপূৰ্ণ বিভাগ (Jorhat Medical College and Hospital) ।

ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ বাবে নিউৰ'লজী, শিশু ৰোগ অস্ত্ৰোপ্ৰচাৰ, নেফ্রোলজী , ইউৰ'লজী, প্লাষ্টিক ছাৰ্জাৰী বিভাগসমূহ সম্পূৰ্ণ নহ'ল । একেদৰে নিউৰো অস্ত্ৰোপচাৰ আৰু গেষ্ট্ৰোএণ্ট্ৰ'লজী বিভাগ দুটা এতিয়া ভালুকৰ সাঙীৰ দৰেহে হৈ পৰিছে । সেয়ে যোৰহাট কেবিনেটত এই সমস্যাসমূহ সমাধানৰ দাবী তুলিছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ।

ইতিমধ্যে বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ বাবে ন-ৰূপত সজাই তোলা হৈছে যোৰহাট নগৰ । দিনে-নিশাই যোৰহাটক সুন্দৰ ৰূপ দিয়াত ব্যস্ত হৈ পৰিছে সকলো বিভাগ ।

লগতে পঢ়ক :India China Border Clash: টাৱাঙৰ ঘটনাত আছিল ভাৰতীয় সেনাৰ তিনিটা বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.