ETV Bharat / state

India China Border Clash: টাৱাঙৰ ঘটনাত আছিল ভাৰতীয় সেনাৰ তিনিটা বাহিনী

author img

By

Published : Dec 14, 2022, 3:36 PM IST

Updated : Dec 14, 2022, 4:39 PM IST

Tawang
Tawang

অৰুণাচল প্ৰদেশৰ য়েংটছেৰ ঘটনাত ভাৰতীয় সেনাৰ তিনিটা বাহিনী আছিল (India China Tawang clash) । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমান অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়েংটছেত ভাৰতীয় সেনাৰ সৈতে চীনা সৈন্যই সংঘৰ্ষ কৰি বলপূৰ্বকভাৱে আগ্ৰাসনক সীমান্তত ভাৰতৰ উন্নয়ন দেখি চীনে এই কাৰ্য কৰা বুলি অভিহিত কৰে ।

টাৱাঙৰ ঘটনাত আছিল ভাৰতীয় সেনাৰ তিনিটা বাহিনী

তেজপুৰ, ১৪ ডিচেম্বৰ : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমান অৰুণাচল প্ৰদেশৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়েংটছেত ভাৰতীয় সেনাৰ সৈতে চীনা সৈন্যই সংঘৰ্ষ কৰি বলপূৰ্বকভাৱে আগ্ৰাসনক সীমান্তত ভাৰতৰ উন্নয়ন দেখি চীনে এই কাৰ্য কৰা বুলি অভিহিত কৰে (India China Tawang clash) ।

তেওঁ কয় যে ভাৰত চৰকাৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে । এৰিঙে কয় যে আমি ভাৰতীয় লোক বহু শান্তি প্রিয় । গতিকে এনে কাৰ্য সংঘটিত হোৱাটো চীনা সৈন্যই বিচাৰে (peoples libaration army) । ইয়াৰ পূৰ্বে চুম দ্রুং-চুত চীনা সৈন্যই এনে ঘটনা সংঘটিত কৰিছিল । অৰুণাচল প্ৰদেশৰ লোক সীমান্তৱৰ্তী এলেকাত বাস কৰে ।

গতিকে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ (foreign ministry of India) তৰফৰ পৰা এই বিষয়ে গুৰুত্ব দিব লাগে বুলিও তেওঁ কয় । উল্লেখযোগ্য যে যোৱা ৯ ডিচেম্বৰত হলি জলপ্ৰপাতৰ সমীপত চীনা সেনাই বলপূৰ্বক আগ্ৰাসন চলাইছিল (Chinese military aggression in Arunachal border) । লগতে চীনা সৈন্যৰ ৩০০ জনীয়া এটা দলে ভাৰতীয় সেনাৰ ওপৰত উপৰ্যুপৰি শিলাবর্ষণ কৰিছিল । পৰৱৰ্তী সময়ত দয়ো পক্ষৰ মাজত হতাহতিৰো সৃষ্টি হয় ।

এই ঘটনাত দয়োটা পক্ষৰ জোৱান কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেয়া সামান্য বুলি মন্তব্য কৰে (Defance Ministar Rajnath Singh) । স্থানীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে, উক্ত স্থানত ভাৰতীয় সেনাৰ তিনিটা ৰেজিমেণ্টৰ সেনাবাহিনীৰ লোক আছিল আৰু সকলো ইনফেণ্টৰী বাহিনী । জম্মু-কাশ্মীৰ সেনা বাহিনী, শিখ লাইট ৰেজিমেণ্ট আৰু জাট ৰেজিমেণ্টৰ বীৰ সেনাবাহিনীৰ লোকে চীনা সেনাৰ দলক সীমা পাৰ কৰি পঠিয়াই দিবলৈ সক্ষম হয় ।

স্থানীয় ৰহ গাঁও আৰু মাগু গাঁও এই অঞ্চলৰ অতি কাষৰীয়া আৰু উক্ত অঞ্চলত সঘনাই অহা-যোৱা চলি থাকে । উল্লেখ্য, উক্ত অঞ্চলটো অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গৃহ সমষ্টিৰ অন্তৰ্গত ।

লগতে পঢ়ক :Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

Last Updated :Dec 14, 2022, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.