ETV Bharat / state

বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক

author img

By

Published : Dec 1, 2020, 10:48 PM IST

দুৰ্টনাটোৰ ফলত আঠ গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক
বৰহোলাত এখন চলন্ত গাড়ীয়ে মহতিয়াই নিলে ব্যৱসায়ীক

যোৰহাট,1ডিচেম্বৰঃ যোৰহাট জিলাৰ বৰহোলাত মঙলবাৰে নিশা পথৰ কাষত সামগ্ৰী বিক্ৰী কৰা একাংশ ব্যৱসায়ীক মহতিয়াই নিয়ে এখন তীব্ৰবেগী গাড়ীয়ে ৷ দুৰ্টনাটোৰ ফলত আঠ গৰাকী লোক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এগৰাকী শিক্ষকে চলাই যোৱা AS-03-Y-9030 নম্বৰৰ এখন হোণ্ডা স্পৰ্টছ গাড়ীয়ে দুৰ্ঘটনাটো সংঘটি কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ীখন জব্দ কৰাৰ লগতে আহত লোক সকলক বৰহোলা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে JMCH লৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.