ETV Bharat / state

Bhogdoiporia Sahitya Award : বিশিষ্ট সাহিত্যিক ড৹ প্ৰদীপ কুমাৰ বৰুৱালৈ ভোগদৈপৰীয়া সাহিত্য বঁটা

author img

By

Published : Jan 11, 2023, 9:30 PM IST

2022 বৰ্ষৰ ভোগদৈপৰীয়া সাহিত্য বঁটা প্ৰদান কৰা হ’ল বিশিষ্ট কবি, সাহিত্যিক, গীতিকাৰ ড৹ প্ৰদীপ কুমাৰ বৰুৱাক ৷ যোৰহাটৰ অগ্ৰণী অনুষ্ঠান ভোগদৈপৰীয়া কবিকণ্ঠই প্ৰদান কৰে এই বঁটা (Bhogdoiporia Sahitya Award 2022)৷

Bhogdoiporia Sahitya Award
ড৹ প্ৰদীপ কুমাৰ বৰুৱালৈ ভোগদৈপৰীয়া সাহিত্য বঁটা

ড৹ প্ৰদীপ কুমাৰ বৰুৱালৈ ভোগদৈপৰীয়া সাহিত্য বঁটা

যোৰহাট, 11 জানুৱাৰী : তিনিটা বৰ্ষ গৰকিলে ভোগদৈপৰীয়া কবিকণ্ঠই ৷ সেই উপলক্ষ্যে বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানতে প্ৰদান কৰা হয় ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২২’ (Bhugdoiporia Sahitya Award 2022)৷

ভোগদৈপৰীয়া কবিকণ্ঠৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিৱস বুধবাৰে যোৰহাট প্ৰেছ ক্লাৱত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উদযাপন কৰা হয় ৷ উক্তঅনুষ্ঠানতে লাৱণ্য দত্ত হাজৰিকা-বোধেশ্বৰ হাজৰিকাৰ সোঁৱৰণত প্ৰদান কৰা হয় ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২২’ ৷ 2022 বৰ্ষৰ উক্ত বঁটা প্ৰদান কৰা হয় বিশিষ্ট কবি, গীতিকাৰ, সুৰকাৰ ড৹ প্ৰদীপ কুমাৰ বৰুৱাক (Dr Pradip Kumar Boruah) ৷

ভোগদৈপৰীয়া সাহিত্য বঁটাত আছে গামোচা, চেলেং, ফুলৰ টোৰা, প্ৰশস্তি পত্ৰ, শৰাই , জাপি আৰু নগদ ধন ৷ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ড৹ প্ৰদীপ কুমাৰ বৰুৱাই কয়- ‘‘এই বঁটাই মোক আগন্তুক দিনত অধিক উৎসাহেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব’’ । আনহাতে ভোগদৈপৰীয়া কবিকণ্ঠৰ(Bhugdoiporia Kobikantha) তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট বিজ্ঞানী ড৹ পৰাণ বৰুৱাই (Scientist Dr Poran Baruah)৷

সভাখন উদ্বোধন কৰি দিয়া ভাষণত ড৹ পৰাণ বৰুৱাই কয়- ‘‘আজি বঁটাপ্ৰাপক ড৹ প্ৰদীপ কুমাৰ বৰুৱাৰ সাহিত্যৰ সকলো বিভাগত এক বিশেষ দখল আছে ৷ এই বঁটাই ড৹ প্ৰদীপ কুমাৰ বৰুৱাক অনাগত দিনত আৰু অধিক উৎসাহেৰে কাম কৰি যোৱাত সহায় কৰিব’’৷

ভোগদৈপৰীয়া কবিকণ্ঠৰ মুখ্য সচেতক তথা যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ(JB College Jorhat) অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ জ্যোতিৰেখা হাজৰিকাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি যোৰহাট সমষ্টিৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে, ভোগদৈ পৰীয়া কবিকণ্ঠই যি সাহিত্য বঁটা প্ৰদান কৰিছে ই অতি গুৰুত্বপূৰ্ণ ৷ যোগ্যজনকেই ভোগদৈপৰীয়া কবিকণ্ঠ উক্ত বঁটা প্ৰদান কৰা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

বিধায়ক গোস্বামীয়ে(MLA Hitendra Nath Goswami) লগতে কয় যে ড৹ প্ৰদীপ কুমাৰ বৰুৱা এগৰাকী সু-লিখক, কবি, নাট্যকাৰ, সমালোচক হিচাবে যথেষ্ট জনপ্ৰিয় ৷ এটা বঁটাই মানুহক উৎসাহ দিয়ে ৷ আনহাতে ভোগদৈপৰীয়া কবিকণ্ঠৰ বিষয়ববীয়াই অজন্ত কুমাৰ বৰাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত মামণি গগৈ বৰুৱা প্ৰমুখ্যে ভোগদৈপৰীয়া কবিকণ্ঠৰ আন সদস্যসকল উপস্থিত থাকে ৷

উল্লেখ্য যে ভোগদৈপৰীয়া কবিকন্ঠৰ এই অনুষ্ঠানে ভাষা-সাহিত্যলৈ বৰঙণি যোগাই অহা একোজনকৈ লোকক প্ৰতিবছৰে ভোগদৈপৰীয়া সাহিত্য বঁটা প্ৰদান কৰি আহিছে ৷ ফলত সাহিত্য ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা লাভ কৰে ভাষা-সাহিত্যৰ লগত জড়িত বহুলোক ৷

লগতে পঢ়ক: Assam Gunotsav 2023: 18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.