ETV Bharat / state

টীয়ক,ধেমাজি,শিৱসাগৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

author img

By

Published : Dec 9, 2019, 8:36 AM IST

অসম বন্ধৰ সৰ্বাত্মাক প্ৰভাৱ
অসম বন্ধৰ সৰ্বাত্মাক প্ৰভাৱ

টীয়ক,ধেমাজি,শিৱসাগৰ অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ বন্ধ সমৰ্থক সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱাই টীয়কৰ ৰাজপথত জ্বলিল টায়াৰ ৷ ধেমাজিত টায়াৰ জ্বলাই প্ৰতিবাদ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৷ শিৱসাগৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই পথ অৱৰোধৰ চেষ্টা প্ৰতিবাদকাৰীৰ ৷

টীয়ক, ডিচেম্বৰঃ সোমবাৰে পুৱাই টীয়কৰ ৰাজপথত জ্বলিল টায়াৰ ৷ চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ ফলস্বৰূপে টীয়কৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ একাংশ বন্ধ সমৰ্থকৰ ৷ টীয়কৰ জ্যোতি বিদ্যাপীঠৰ সন্মুখত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰাৰ লগতে বন্ধৰ সময়ত চলা যান-বাহন বাধা দিয়ে বন্ধ সমৰ্থক সকলে। আনহাতে,প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় টীয়ক আৰক্ষী ৷

টীয়কৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

লগতে চাওকঃ অৰুণাচলীৰ দখলত বিহালী বনাঞ্চল

ধেমাজি, 9 ডিচেম্বৰঃ ধেমাজিত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল পুৱাৰ পৰা ৷ টায়াৰ জ্বলাই প্ৰতিবাদ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীৰ ৷ সংগঠনটোৱে আহ্বান জনোৱা 12 ঘন্টীয়া অসম বন্ধৰ সময়চোৱাত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ধেমাজি ৷

ধেমাজিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আৰু চাওকঃমাজুলীত সামুহিক পদত্যাগ অগপ কৰ্মীৰ

শিৱসাগৰ, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম কোছ ৰাজবংশী ছাত্ৰ সন্থাৰ আহ্বানত আৰু বীৰ লাচিত সেনা,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদি বিভিন্ন দল-সংগঠনৰ সমৰ্থনত আহ্বান কৰা অসম বন্ধত স্তব্ধ হৈ পৰিছে শিৱসাগৰ । সোমবাৰে পুৱাৰে পৰা প্ৰতিবাদকাৰীসকলে বন্ধ সফল কৰাৰ বাবে বিভিন্ন স্থানত টায়াৰ জ্বলাই পথ অৱৰোধৰ চেষ্টা কৰে । উল্লেখ্য যে, উপৰোক্ত দল-সংগঠনে ১২ ঘণ্টীয়া বন্ধৰ আহবান কৰাৰ বিপৰীতে মৰাণ ছাত্ৰ সন্থাই সোমবাৰৰ পৰা ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাই ।

শিৱসাগৰ অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লগতে পঢ়কঃকলিয়াবৰত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Intro:Body:টীয়কত অসম বন্ধত ৰাজপথত জ্বলিল টায়াৰ
TEOK:চুতীয়া ছাত্ৰ সন্হাই আহ্বান জনোৱা অসম বন্ধৰ পুৱাই টীয়কৰ ৰাজপথত জ্বলিল টায়াৰ । একাংশ বন্ধ সমৰ্থকে টীয়কৰ জ্যোতি বিদ্যাপীঠৰ সন্মুখত টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্লগান দি পৰিৱেশ উত্তাল কৰাৰ লগতে বন্ধৰ সময়ত চলা যানবাহন বাধা দিয়ে বন্ধ সমৰ্থক সকলে।অবশ্যে টীয়ক আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ পৰিবশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.