ETV Bharat / state

Donation to CM Relief Fund: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪,৮৯,৭৯৪ টকাৰ অনুদান

author img

By

Published : Jul 8, 2022, 7:24 PM IST

aau
aau

অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে ৪৪,৮৯,৭৯৪ টকাৰ অনুদান (Assam Agricultural University donated to CM relief fund) । উক্ত ধনৰ চেক জনতা ভৱনত মুখ্যমন্ত্ৰীক প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।

যোৰহাট, ৮ জুলাই : ৰাজ্যত বানপীড়িতসকলক সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্ন ব্যক্তি তথা কৰ্মচাৰী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে আগবঢ়োৱা অনুদান অব্যাহত আছে (Donation to Chief Minister Relief Fund) । এইবাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়ালে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে । অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালৰ তৰফ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে ৪৪,৮৯,৭৯৪ টকাৰ অনুদান (Assam Agricultural University donated to CM relief fund) । উক্ত ধনৰ চেক জনতা ভৱনত মুখ্যমন্ত্ৰীক প্ৰদান কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।

উল্লেখ্য, বছৰটোৰ দ্বিতীয়টো বানত বেয়াকৈ ক্ষতিগ্ৰস্ত আছে ৰাজ্যখন । মুঠ ৩২খন জিলাৰ কেইবা লাখো ৰাইজ এই বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানৰ কবলত পৰি বহুতে ভেটি-মাটিও হেৰুৱালগা হৈছে । শতাধিকৰ প্ৰাণ কাঢ়িছে বলিয়া বানে । বৰ্তমানে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থাকিবলগা হৈছে লক্ষাধিক লোক । খেতি পথাৰকে ধৰি ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, মথাউৰি, অনুষ্ঠান-প্ৰতিষ্ঠান আদি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফ পৰা বানাক্ৰান্তসকলক পৰ্যাপ্ত সাহায্য প্ৰদানৰ চেষ্টা চলাই থকা হৈছে ।

তাৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে সৃষ্টি কৰা দুৰ্বিষহ পৰিস্থিতিৰ সৈতে চৰকাৰে যাতে মোকাবিলা কৰিব পাৰে তাৰ বাবে আগবাঢ়ি আহিছে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়াল । অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৪৪,৮৯,৭৯৪ টকাৰ অনুদান প্ৰদান কৰে । আজি দিছপুৰৰ জনতা ভৱনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক প্ৰদান কৰে (AAU Vice Chancellor donated to Himanta Biswa Sharma)।

উক্ত অনুদান প্ৰদান কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থিত যুটীয়া পঞ্জীয়ক ড° বীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু পশু চিকিৎসা বিজ্ঞান গুৰু ড° বিবেকানন্দ শইকীয়াও উপস্থিত থাকে । চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় । উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক, বিষয়া আৰু কৰ্মচাৰীসকলে এদিনৰ দৰমহাৰ পৰা এই ধনৰাশি মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ায় (AAU family donated one days salary to CM relief fund)।

লগতে পঢ়ক :সাহায্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিছে: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.