ETV Bharat / state

সাহায্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিছে: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

author img

By

Published : Jul 8, 2022, 5:45 PM IST

বানাক্ৰান্তক ৰাজ্য চৰকাৰে পৰ্যাপ্ত সাহায্য বিতৰণ কৰা থকা বুলি উল্লেখ কৰি অহাৰ বিপৰীতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ, সাহায্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি সামৰিছে দায়িত্ব (Irregularities in government assistance to flood victims) ৷

সাহাৰ্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিছে
সাহাৰ্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিছে

জনীয়া, 8 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ (Assam flood 2022)৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ জনীয়াৰ কলগাছিয়াতো বানত ককবকাইছে বহু লোক ৷ বিগত সময়ত বানাক্ৰান্তক ৰাজ্য চৰকাৰে পৰ্যাপ্ত সাহায্য বিতৰণ কৰা বুলি হৈ চৈ কৰি থকাৰ মাজতে এইবাৰ জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি (Chatra Mukti alleged Government has not distributed enough aid to flood victims) ৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত শুকুৰবাৰে জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে (SSMS protest against govt)।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 30 জুলাইৰ আগতে বানাক্ৰান্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ তালিকা খৰতকীয়াকৈ প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল স্থানীয় বিষয়ববীয়াসকলক ৷ কিন্তু কিছু অঞ্চলত এতিয়াও আৰম্ভ হোৱা নাই জৰীপৰ কাম ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অচিৰেই বানাক্ৰান্ত এলেকাৰ ক্ষয় ক্ষতিৰ জৰীপ সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰে ৷

সাহাৰ্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিছে

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে কয় যে সাহায্যৰ নামত চৰকাৰে এক ডেৰ কেজি চাউল দি দায়িত্ব সামৰিব বিচাৰিছে ৷ বানত মৃত্যু হোৱা লোকসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে ৷ বানৰ ফলত বহুতো ছাত্ৰ-ছাত্ৰীৰ শিক্ষাত ব্যাঘাত জন্মিছে, সেইবাবে ছাত্ৰ-ছাত্ৰীসকলক মাহিলী একাউণ্টত 3000 টকাকৈ প্ৰদান কৰিব লাগে ৷

ইয়াৰোপৰি অসমৰ খনিজ সম্পদ আৰু চাহপাত যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে তেনেহ'লে বানপানী কিয় ৰাষ্ট্ৰীয় সমস্যা হ'ব নোৱাৰে বুলি কটাক্ষ কৰে প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেবাটাও দাবী সম্বলিত এখন ১১ দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : প্ৰচণ্ড বৰষুণকো নেওচি সোণাৰিত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.