ETV Bharat / state

Organic and natural farming: যোৰহাটত অসমৰ সৰ্ববৃহৎ জীৱাণুসাৰ তথা জৈৱিক কীটনাশক উৎপাদন কেন্দ্ৰ স্থাপন

author img

By

Published : Aug 11, 2023, 7:36 AM IST

জৈৱিক কৃষিক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ । অসমৰ সৰ্ববৃহৎ জীৱাণুসাৰ আৰু জৈৱিক কীটনাশক উৎপাদন কেন্দ্ৰ স্থাপন ।

Fertilizer and Organic Pesticide Production Centre in Assam
জৈৱিক কৃষিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ

যোৰহাট, 11 আগষ্ট: ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক প্ৰয়োগে মাটিৰ গুণাগুণ নষ্ট কৰাৰ সমান্তৰালভাৱে তেনে মাটিত উৎপাদিত শস্যৰ বাবে জনস্বাস্থ্যলৈ ভাবুকিও কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ এনে সময়তে শস্যৰ বাবে প্ৰয়োজনীয় জীৱাণু ব্যৱহাৰ কৰি কৃষি অৰ্থনীতিৰ ক্ষেত্ৰখনত সুদুৰপ্ৰসাৰী ভূমিকা গ্ৰহণৰ দিশে আগবাঢ়িছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে । শস্য উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জীৱাণুসমূহ গৱেষণাৰ জৰিয়তে গছে সহজে গ্ৰহণ কৰিব পৰাকৈ জীৱাণুসাৰ হিচাপে প্ৰস্তুত কৰি জৈৱিক কৃষিৰ জৰিয়তে সামগ্ৰিক কৃষিক্ষেত্ৰৰ উত্তৰণ ঘটাবৰ বাবে আগবাঢ়িছে বিশ্ববিদ্যালয়খন ।

অসম কৃষি বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অৰ্থসাহায্যৰে 3.88 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জীৱাণুসাৰ আৰু জৈৱ কীটনাশক উৎপাদন কেন্দ্ৰটোৱে কৃষিভূমিৰ নিজস্ব স্বাভাৱিক উৰ্বৰতা বজাই ৰখাৰ দিশত আশাৰ সঞ্চাৰ কৰিছে । বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ অন্তৰ্গত এই প্ৰকল্পত গৱেষণাৰ জৰিয়তে 6 বিধ জীৱাণুসাৰ উদ্ভাৱন কৰি ব্যৱসায়িক উৎপাদনৰ বাবে সাজু কৰা হৈছে । উল্লেখ্য যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জীৱাণুসাৰ প্ৰয়োগৰ বাটকটীয়া বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে নাইট্ৰ’জেন স্থিৰকৰণ আৰু পুষ্টিকৰ পদাৰ্থ দ্ৰবীভূত কৰা জীৱাণুসাৰ উদ্ভাৱন কৰি উলিয়াইছে ।

জিংক দ্ৰৱীভূত কৰা বেক্টেৰিয়া, পটাছিয়াম দ্ৰৱীভূত কৰা বেক্টেৰিয়া,ফছফেট দ্ৰৱীভূত কৰা বেক্টেৰিয়া, এজস্পিৰিলিয়াম, এজটবেক্টৰ, ৰাইজবিয়াম, এজস্পিৰিলিয়াম বেচ কনচৰ্টিয়া, এজটবেক্টৰ বেচ কনচৰ্টিয়া নামৰ এই জীৱাণুসাৰ কেইবিধৰ জৰিয়তে উদ্ভিদৰ বৃদ্ধি, বিপাকীয় ক্ৰিয়া আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি বহন কৰিছে । এই জীৱাণুসাৰসমূহ বীজৰ লগত মিহলাই, শিপাত সংলগ্ন কৰি, গছৰ অংশত তিয়াই বা মাটিত প্ৰয়োগ কৰি যথোচিত উৎপাদন পাব পাৰি । বিশেষকৈ সেউজ বিপ্লৱৰ পৰৱৰ্তী সময়ত অত্যাধিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগৰ ফলত জলবায়ু প্ৰদূষণৰ সমান্তৰালভাৱে মাটিৰ উৎপাদিকা শক্তি হ্ৰাস হৈ মাটিৰ অম্লতা বৃদ্ধি তথা বংশত ক্ষতি সাধন হৈ মাটিৰ পানী ধাৰণ ক্ষমতা হ্ৰাস হোৱাত কৃষি উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছিল ।

বিশেষকৈ নিজৰ খেতি মাটিডৰাত উৎপাদন কম হৈ অহা আৰু উৎপাদন বৃদ্ধি কৰিবলৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া পৰিস্থিতিত বহু কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে । এনে সময়তে জীৱাণুসাৰ প্ৰয়োগ কৰি উৎপাদন বৃদ্ধিৰ সমান্তৰালভাৱে মাটিৰ গুণাগুণ উন্নীতকৰণ কৰিব পৰাকৈ উদ্ভাৱন কৰা এই জীৱাণুসাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ কৃষি অৰ্থনীতিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বছৰি অৰ্ধেক কৃষি ক্ষেত্ৰত জৈৱিক কৃষিকাৰ্যৰ বাবে 2540 মেট্ৰিক টন জীৱাণুসাৰ আৰু 9910 মেট্ৰিক টন নীলহৰিৎ শেলাইৰ প্ৰয়োজন হয় । অসমৰ কৃষিৰ বাবে বছৰি 5474.42 মেট্ৰিক টন জীৱাণুসাৰ আৰু 14319.4 মেট্ৰিক টন নীলহৰিৎ শেলাইৰ প্ৰয়োজন হয় । তাৰ বিপৰীতে অসমৰ অৰ্ধেক কৃষি ক্ষেত্ৰত জৈৱিক কৃষিকাৰ্যৰ বাবে 1798 মেট্ৰিক টন জীৱাণুসাৰ আৰু 7510 মেট্ৰিক টন নীলহৰিৎ শেলাইৰ প্ৰয়োজন হয় । এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে ইয়াৰ গৱেষণাগাৰত বিভিন্ন শস্যৰ কাৰণে প্ৰয়োজনীয় জীৱাণুসাৰ প্ৰস্তুতকৰণত ব্যৱহৃত উত্তম প্ৰজাতিৰ অনুজীৱ আহৰণ কৰি সংৰক্ষণ কৰিছে ।

প্ৰয়োজন সাপেক্ষে চাহিদা অনুসৰি জীৱাণুসাৰ প্ৰস্তুত কৰি তথা থলুৱা উদ্যোগীক উৎপাদন গোট স্থাপন কৰি স্বাৱলম্বী হোৱাত সহায় কৰিছে । ফলত কোনো থলুৱা উদ্যোগীয়ে এইধৰণৰ নতুন প্ৰযুক্তিৰ উৎপাদন গোট স্থাপন কৰি স্বাৱলম্বী হ'ব পাৰিব । সমান্তৰালভাৱে উত্তৰ-পূব জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ অৰ্থসাহায্যৰে বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে 7 প্ৰকাৰৰ জৈৱিক কীটনাশক উৎপাদন প্ৰযুক্তি উদ্ভাৱন কৰি উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষিক্ষেত্ৰক নতুন মাত্ৰা প্ৰদানৰ দিশে আগবাঢ়িছে । এই জৈৱিক কীটনাশকসমূহ বিভিন্ন শাক-পাচলিত প্ৰয়োগ কৰি শস্য লেৰেলি যোৱা, পচি যোৱা ৰোগৰ লগতে পাতত দাগ পৰা ৰোগৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসু বিবেচিত হৈছে ।

বায়ফৰ পি এফ, বায়বীৰ, বায়গ্ৰীণ, বায়গাৰ্ড, বায়মাছ, বায়মেটা আৰু বায়জিয়াম নামৰ এই জৈৱিক কীটনাশকসমূহৰ জৰিয়তে গছৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে গছক ৰোগ প্ৰতিৰোধৰ দিশত সবল কৰি ৰাখে । ইয়াৰ ফলত শস্যৰ উৎপাদন ক্ষমতা 30-35 শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ লগতে শস্যৰ গুণগত মানদণ্ড উন্নত হয় । এই জৈৱিক কীটনাশকসমূহে চাহৰ উৎপাদন বৃদ্ধিৰ লগতে চাহৰ এন্টিঅক্সিডেন্ট গুণাগুণ বৃদ্ধি কৰে বুলি গৱেষণাত প্ৰমাণিত হৈছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক জৈৱিক কৃষিৰ হাব হিচাপে চিহ্নিত কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে এইসমূহৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষিক্ষেত্ৰক সমৃদ্ধ কৰিবলৈ আগবাঢ়িছে । উল্লেখ্য যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কীটনাশকৰ যথেষ্ট প্ৰয়োজন যদিও বৰ্তমানলৈকে এই দিশত যথোচিতভাবে উৎপাদন নোহোৱাত জৈৱিক কৃষিক্ষেত্ৰ সমৃদ্ধ হোৱাত যথেষ্ট পিছুৱাই আছিল । সেয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ এই উৎপাদন গোটটোৱে জৈৱিক কৃষিৰ দিশত যথেষ্ট সম্ভাৱনা বহন কৰিছে ।

লগতে পঢ়ক : Palm oil plantation: অসমৰ ৭ খন জিলাৰ ১ লাখ একৰ ভূমিত কৰা হ'ব তৈল খেজুৰৰ খেতি: বাবা ৰামদেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.