ETV Bharat / state

Secretary of Assam bahumukhi samabai samiti: অসম বহুমুখী সমবায় সমিতিৰ সচিবৰ পদূলিত ক্ষুব্ধ ৰাইজ

author img

By

Published : Aug 12, 2023, 2:18 PM IST

secretary of Assam Multipurpose Cooperative Society
প্ৰাপ্যৰ দাবী

প্ৰাপ্য অধিকাৰ বিচাৰি অসম বহুমুখী সমবায় সমিতিৰ সচিবৰ টীয়কৰ বাসভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ বাক-বিতণ্ড হোৱা দুয়ো পক্ষৰ থানাত এজাহাৰ দাখিল ৷

ক্ষুব্ধ ৰাইজ

টীয়ক, 12 আগষ্ট : অসম বহুমুখী সমবায় সমিতিৰ সচিব জনৈক ফুকনৰ টীয়কৰ বাসগৃহৰ সন্মুখত সমিতিখনৰ একাংশ কৰ্মচাৰী আৰু অংশীদাৰে ভিৰ কৰেহি শনিবাৰে ৷ ফুকনৰ টীয়কৰ বাসগৃহলৈ যোৱাৰ সময়তে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পইচাৰ কিছু লেন-দেনক লৈ এই সংঘাতৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ মতে দীৰ্ঘদিন ধৰি সমবায় সমিতিখনত কৰ্মৰত কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা আৰু অংশীদাৰসকলে অংশীদাৰিত্বৰ বিনিময়ত পাব লগা ধন আদায় পোৱা নাছিল ৷ এই সন্দৰ্ভত আলোচনা কৰিবলৈ সচিব ফুকনক বিচাৰি টীয়কৰ বাসভৱনলৈ আহিছিল প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকল । কিন্তু সেই সময়ত ফুকন ঘৰত নথকাত তেওঁৰ পুত্ৰ আৰু কন্যাই বঞ্চিত লোকসকলক ঘৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ বঞ্চিত লোকসকল ফুকনৰ ঘৰলৈকে যাবলৈ নাপালে কিয়নো তেওঁৰ দুই সন্তানে বিভিন্ন তৰ্ক-বিতৰ্কৰে তেওঁলোকক প্ৰশ্ন সোধে ৷ তাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে অভিযোগ কৰা অনুসৰি প্ৰতিষ্ঠানটোৰ সচিব ফুকনে ম’বাইল ফোনৰ চুইছ অফ কৰি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাৰ বাবেহে এনেদৰে তেওঁলোকে ফুকনক বিচাৰি আহিবলগীয়া হ’ল ৷ তেওঁলোক আহিছিল শেহতীয়া স্থিতি সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ।

ইপিনে সচিব ফুকনৰ পৰিয়ালে দলটোৱে ভয় ভাবুকি দেখুৱাই তেওঁলোকৰ ঘৰত প্ৰৱেশৰ চেষ্টা চলোৱাৰ লগতে ফুকনৰ নাম লৈ কেতবোৰ অশ্ৰাব্য মন্তব্য প্ৰকাশ কৰা বুলি অভিযোগ আনি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । বিপৰীতে প্ৰাপ্য বিচাৰি অহা সকলেও আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক : Tea workers protest: প্ৰাপ্যৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.