ETV Bharat / state

Tea workers protest: প্ৰাপ্যৰ দাবীত টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 11, 2023, 11:21 AM IST

প্ৰাপ্যৰ দাবীত টীয়ক চাহ বাগিচাত উত্তাল পৰিৱেশ ৷ দাবী পূৰণ নকৰিলে অনাগত সময়ত শ্ৰমিকসকলে প্ৰাপ্য আদায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান ৷

Assam Tea Workers Union protest in Jorhat
টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

টীয়কত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

টীয়ক, 11 আগষ্ট: প্ৰাপ্যৰ দাবীত ৰাজ্যৰ চৌদিশে শ্ৰমিক সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে টীয়ক চাহ বাগিচাতো শুকুৰবাৰে অসম চাহ মজদুৰ সংঘৰ টীয়ক শাখাই শ্ৰমিকৰ নূন্যতম সা-সুবিধা প্ৰদানৰ দাবীত বাগিচাৰ ফেক্টৰীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে বাগিচাৰ মালিক পক্ষই হওক বা অসম চৰকাৰেই হওক কেৱল প্ৰাপ্যৰ পৰা বঞ্চিত কৰোৱাই শোষণ চলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী শ্ৰমিকসকলে ৷

আনকি শ্ৰমিকসকলৰ ন্যূনতম সা-সুবিধাবোৰো প্ৰদান নকৰাৰ অভিযোগ তুলিছে শ্ৰমিকসকলে । চাহ শ্ৰমিকৰ ন্যূনতম হাজিৰা 351 টকা কৰা, চাহ জনগোষ্ঠীৰ লগতে অনান্য ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা, ভূমি পট্টা প্ৰদানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ টীয়ক শাখাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

টীয়ক চাহ বাগিচাত প্ৰয়োজনতকৈ কম শ্ৰমিকক নিয়োজিত কৰি বছৰৰ পিচত বছৰ ধৰি মালিক পক্ষই কাম আদায় কৰি আছে যদিও আজি পৰ্যন্ত শ্ৰমিকসকলক থাকিবলৈ এটা উপযুক্ত ঘৰ, চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানী, শৌচাগাৰ আদি চৰকাৰ তথা মালিকপক্ষই যোগান ধৰা নাই বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে শ্ৰমিকসকলে ।

বঞ্চিত শ্ৰমিকসকলে বিভিন্ন সময়ত চৰকাৰ তথা মালিক পক্ষক বাৰাম্বাৰ দাবী জনায় অহাৰ পাচতো আজিলৈকে লাভ কৰা নাই সমাধান ৷ প্ৰাপ্যৰ পৰা বঞ্চিত শ্ৰমিকসকলে একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অনতি পলমে চৰকাৰ তথা মালিকপক্ষক ন্যূনতম সা-সুবিধাবোৰ প্ৰদানৰ দাবী জনাইছে । দাবী পূৰণ নকৰিলে অনাগত সময়ত শ্ৰমিকসকলে প্ৰাপ্য আদায়ৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Organic and natural farming: যোৰহাটত অসমৰ সৰ্ববৃহৎ জীৱাণুসাৰ তথা জৈৱিক কীটনাশক উৎপাদন কেন্দ্ৰ স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.