ETV Bharat / state

Corruption in PMAY scheme : হাজাৰ হাজাৰ টকা দিলেও তিতাবৰ হিতাধিকাৰীয়ে PMAY ৰ ঘৰ নোপোৱাৰ অভিযোগ

author img

By

Published : Mar 31, 2023, 11:00 PM IST

প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত তিতাবৰ বেকাজান গাঁও পঞ্চায়ত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in PMAY scheme) । অভিযোগ অনুসৰি, পঞ্চায়ত প্ৰতিনিধিক ধন নিদিলে দৰিদ্ৰ হিতাধিকাৰীয়ে নাপায় প্ৰধানমন্ত্ৰী আৱাস গৃহ । এই অভিযোগ তিতাবৰ বেকাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ লোকৰ (Allegations of Corruption in PMAY scheme at Titabor) ৷

PMAY ৰ ঘৰ নোপোৱাৰ অভিযোগ
PMAY ৰ ঘৰ নোপোৱাৰ অভিযোগ

আকৌ দুৰ্নীতিৰ প্ৰসংগ

যোৰহাট, 31 মাৰ্চ : আকৌ দুৰ্নীতিৰ প্ৰসংগ ৷ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত এইবাৰ যোৰহাটৰ তিতাবৰ বেকাজান গাঁও পঞ্চায়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in PMAY scheme) । আনকি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দিয়া নামত পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ হিতাধিকাৰী আৰু ভুক্তভোগী লোকে ৷

উল্লেখ্য যে, দৰিদ্ৰজনৰ সেৱাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ এখন অভিলাষী আঁচনি হ’ল প্ৰধানমন্ত্ৰী আৱাস যোজনা । কিন্তু উক্ত আঁচনিখনত যোৰহাট জিলা তিতাবৰ মহকুমা অন্তৰ্গত বেকাজান পঞ্চায়ত সংঘটিত হৈছে ব্যাপক দুনীতি আৰু স্বজন তোষণ (Allegations of Corruption in PMAY scheme at Titabor) । বেকাজান পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে দৰিদ্ৰ তথা যোগ্য হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰাৰ বঞ্চিত কৰি তেওঁলোকে বৃহৎ কমিছন অংকত অযোগ্যজনক প্ৰদান কৰিছে এই গৃহ ।

উক্ত গৃহ তালিকাত যোগ্য হিতাধিকাৰীৰ নাম তালি‌কাত সনিবিষ্ট হৈ থকাৰ পিচতো তেওঁলোকৰ নাম কৰ্তন কৰাৰ হৈছে । কাৰণ এইসকল দৰিদ্ৰ হিতাধিকাৰীয়ে পঞ্চায়ত প্ৰতিনিধিসকলে দাবী কৰাৰ ধন দিয়াত অসমৰ্থ । ৰাইজ ভোটৰ দ্বাৰা নিৰ্বাচিত দুৰ্নীতি পৰায়ন পঞ্চায়ত প্ৰতিনিধিসকল এখোপ ওপৰলৈ গৈ দৰিদ্ৰ হিতাধিকাৰীৰ পকীঘৰ আৰু মাহেলী উপাৰ্জন 10 হাজাৰো অধিক দেখুৱাই তালিকা পৰাৰ নাম কৰ্তন কৰাৰ এক অসৎ পন্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Corruption in PMAY scheme : বঙাইগাঁৱত টকা দিলেহে পায় PMAY ৰ ঘৰ !

তাপৰ্যপূৰ্ণ যে, বেকাজান পঞ্চায়তৰ 9 ৱাৰ্ড বহু দৰিদ্ৰ পৰিয়াল আজি তাৰিখত পঞ্চায়ত প্ৰতিনিধিসকলৰ প্ৰৱঞ্চনা বলি হৈ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰাৰ বঞ্চিত হৈ আহিছে । ফলত এইসকল দৰিদ্ৰ লোকে ভঙা পজাত ৰ’দ-বতাহ-বৰষুণক সাৰথি কৰি জীয়াই থাকিব লগীয়া হৈছে ।

প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান নামত 9 ৱাৰ্ড সদস্যাগৰাকীয়ে 3 পৰাৰ 10 হাজাৰ টকা পৰ্যন্ত ধন লোৱা এক গুৰুতৰ অভিযোগ উথাপন কৰিছে অঞ্চলটোৰ দৰিদ্ৰ জনসাধাৰণে । এইদৰে বাৰ্ড সদস্যাগৰাকীয়ে দৰিদ্ৰলোক পৰা ধন লৈ আৱাস গৃহ প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ভুক্তভোগী দৰিদ্ৰ জনসাধাৰণে ।

ৰাইজ ভোটৰ দ্বাৰা নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে দৰিদ্ৰ লোকক মাধমাৰ শোধাই যি নিকৃষ্ট কৰ্মকাণ্ডত লিপ্ত হৈছে, তেনে লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Corruption in PMAY scheme: টকা দিলেও জোনাই PMAY ৰ ঘৰ নাপাই জোনাইবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.