Corruption in PMAY scheme : বঙাইগাঁৱত টকা দিলেহে পায় PMAY ৰ ঘৰ !

author img

By

Published : Jan 9, 2023, 6:38 PM IST

Corruption in PMAY scheme in Bongaigaon

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ নকৰে বঙাইগাঁও জিলাৰ একাংশ গাঁও পঞ্চায়তৰ সম্পাদক, সদস্য আৰু কাউঞ্চিলাৰে । প্ৰধানমন্ত্ৰী আবাস যোজনাৰৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সদস্যৰ বিৰুদ্ধে (Corruption in PMAY scheme) । যাক লৈ ক্ষোভিত হৈ পৰিছে বঙাইগাঁওবাসী ৷

পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ক্ষোভিত বঙাইগাঁওবাসী

বঙাইগাঁও, 9 জানুৱাৰী : আপোনাৰ যদি চৰকাৰী ঘৰ নাই, তেন্তে এতিয়াৰ পৰা চিন্তা কাৰৰ কোনো কাৰণ নাই ৷ মাত্ৰ গাঁও পঞ্চায়তৰ বিষয়ববীয়াসকলক সন্তুষ্ট কৰিলেই হ’ল ৷ যেতিয়া চৰকাৰী ঘৰৰ বাবে ফটো বা অইন কাগজ-পাতি যুগুত কৰিবলৈ আহে, তেতিয়াই পঞ্চায়তৰ বিষয়ববীয়াসকলক চাহ-তামোল খাবলৈ মাত্ৰ 2000 নাইবা 3000 টকা দিলেই হৈ যাব ৷

পিছে ৰ’ব ৷ এই কথা আমাৰ নহয় ৷ এয়া একাংশ বঙাইগাঁওবাসীৰ মন্তব্য ৷ দীৰ্ঘদিনৰ পৰা এনে কৰ্মকাণ্ড সংঘটিত হৈ আহিছে বঙাইগাঁও জিলাৰ অন্তৰ্গত একাংশ গাঁও পঞ্চায়তত ৷ বঙাইগাঁৱৰ সহজ-সৰল গাঁওবাসীক এতিয়া একাংশ চৰকাৰী কৰ্মচাৰীয়ে অতিষ্ঠ কৰি তুলিছে (Corruption in PMAY scheme)৷

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Assam govt zero tolerance against corruption), সেই সময়তে বঙাইগাঁও জিলাৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ পিৰাধৰা গাঁও পঞ্চায়তত দেখা‌ গৈছে এক সম্পূৰ্ণ বিপৰীত ছবি ।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত পিৰাধৰা গাঁও পঞ্চায়তৰ পিৰাধৰা গাঁৱৰ সদস্য আবু হানিফ আৰু দালাল সদৃশ হাছেন আলীৰ বিৰুদ্ধে মাটি পট্টাকৰণ‌ আৰু PMAY গৃহ দিয়াৰ বাবে হিতাধিকাৰীৰ পৰা 2000 পৰা 3000 টকা লৈকে ধন লোৱাৰ ‌এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীসকলে ।

বিৱৰণি অনুসৰি, গ্ৰাম্যাঞ্চলৰ অতিকৈ সহজ সৰল মানুহক মুৰ্খ সজাই গাঁও পঞ্চায়তৰ বিষয়ববীয়াই ছলে-বলে কৌশলে অবাধে সংগ্ৰহ কৰিছে ধন । আনকি চৰকাৰী গৃহ PMAY ৰ ফটো তোলাৰ বাবতো 500 পৰা 800 টকা লোৱাৰো অভিযোগ হিতাধিকাৰীৰ বিৰুদ্ধে ।

ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰেও বঙাইগাঁও জিলাৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ পিৰাধৰা গাঁও পঞ্চায়তৰ কেবাটাও ঘৰত ফটো সংগ্ৰহ কৰে পঞ্চায়ত কৰ্মচাৰীয়ে ৷ আনকি ঘৰৰ ফটো সংগ্ৰহ কৰাৰ বাবদত সংগ্ৰহ কৰে ধনো ৷ পিছে এই কথা জানিব পাৰি স্থানীয় কেইগৰাকীমান সচেতন যুৱকে পঞ্চায়ত কৰ্মচাৰীকেইগৰাকীক ধন সংগ্ৰহৰ সন্দৰ্ভত প্ৰশ্ন কৰে ৷

কিন্তু স্থানীয় যুৱক কেইজক প্ৰশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে অশ্লীল মন্তব্যহে প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে উপায়ন্তৰ হৈ স্থানীয় যুৱককেইগৰাকীয়ে বঙাইগাঁও আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে ৷ আনকি বঙাইগাঁও আৰক্ষীয়েও ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ৷

এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশৰ পিচতো কাৰ আশীষপুষ্ট হৈ অবাধে চৰকাৰী কৰ্মচাৰীয়ে সংগ্ৰহ কৰিছে ধন ? প্ৰকৃততে কোন‌‌ কোন জড়িত আছে এই ধন সংগ্ৰহত ? দুৰ্নীতি পৰায়ণ জন প্ৰতিনিধিসকলক কি শাস্তি প্ৰদান কৰা হ’ব, সেয়াহে আটাইতকৈ ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক : PMAY scam : গৃহ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ বিজেপি কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.