Corruption in PMAY scheme: টকা দিলেও জোনাই PMAY ৰ ঘৰ নাপাই জোনাইবাসীয়ে

author img

By

Published : Jan 21, 2023, 11:54 AM IST

Corruption in PMAY scheme

ৰাজ্য চৰকাৰে কাটিব পৰা নাই দুৰ্নীতি তথা অনিয়মৰ পোখা ৷ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত জোনাইত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি তথা অনিয়ম (Corruption in Govt scheme) ৷ প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে চৰকাৰী আৱাসগৃত লাভ কৰিছে প্ৰতিষ্ঠিত ব্যৱসায়ী কিম্বা ধনী শ্ৰেণীৰ একাংশ লোকেহে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ৰাজ্য চৰকাৰে কাটিব পৰা নাই দুৰ্নীতি তথা অনিয়মৰ পোখা

জোনাই, ২১ জানুৱাৰী : আকৌ দুৰ্নীতিৰ প্ৰসংগ ৷ দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সকিয়নীৰ পাচতো যেন নাকী লগাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক (Corruption in Govt scheme)৷ এইবাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে জোনাইৰ কেমি জেলম গাঁৱ পঞ্চায়তত ৷

অভিযোগ অনুসৰি, জোনাই মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেমি জেলম গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বিয়াগোম দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে (Corruption in PMAY scheme) ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে ।

কিয়নো যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Assam govt zero tolerance against corruption), সেই সময়তে জোনাইত দেখা‌ গৈছে এক সম্পূৰ্ণ বিপৰীত প্ৰতিছবি ।

লগতে পঢ়ক : Work culture of Govt Office: চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে নাজানে নিজৰ কাৰ্যালয়ৰ নাম !

সংবাদ মাধ্যমৰ আগত স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, পঞ্চায়তটোৰ অন্তৰ্গত ৫ নং ৱাৰ্ডত পঞ্চায়ত কৰ্মচাৰীসকলে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ চৰকাৰী ঘৰ দিয়াৰ নামত ৩০০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিছে ৷ কিন্তু প্ৰকৃত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিও অন্তিমখন তালিকাত তেওঁলোকৰ বিপৰীতে নাম আহিল প্ৰতিষ্ঠিত ব্যৱসায়ী, ধনী শ্ৰেণীৰ লগতে এবাৰতকৈ অতিৰিক্ত চৰকাৰী গৃহ পোৱা ব্যক্তিসকলৰ নাম ।

যাক লৈ ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ ৰাইজ ৷ এই দুৰ্নীতি তথা অনিয়ম কেতিয়াও সহ্য নকৰে বুলি ভুক্তভোগী ৰাইজে দাবী কৰিছে (Allegations of Corruption in PMAY scheme) ৷ গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ বিভাগীয় ঊৰ্ধতম কৰ্তৃপক্ষৰ দ্বাৰা এই সন্দৰ্ভত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : Corruption in PMAY scheme : বঙাইগাঁৱত টকা দিলেহে পায় PMAY ৰ ঘৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.