ETV Bharat / state

যোৰহাটত AJYCPৰ প্ৰতিবাদ

author img

By

Published : Sep 6, 2021, 7:00 PM IST

AJYCP protest against Subansiri lower dam project
AJYCP protest against Subansiri lower dam project

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই । এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও প্ৰেৰণ কৰে সংগঠনটোৱে ।

যোৰহাট, ৬ ছেপ্টেম্বৰ: সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ যোৰহাট সমিতিয়ে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ মতে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অসমৰ সভ্যতা-সংস্কৃতি ধ্বংস কৰিব । সেয়ে, এই প্ৰকল্পৰ কাম কেতিয়াও সম্পূৰ্ণ কৰিবলৈ দিয়া নহ'ব বুলি হংকাৰ দিয়ে সংগঠনটোৱে । অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতৃত্বই কয় যে, দেশৰ প্ৰগতিৰ বাবে বিদ্যুৎ আৱশ্যক যদিও ২০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পটোৰ বাবেই উত্তৰ অসমলৈ ভয়াৱহ বিপদ অহাটো নিশ্চিত ।

উল্লেখ্য যে, ভূমিকম্পপ্ৰৱণ আৰু কোমল শিলাখণ্ডৰে আবৃত্ত পাহাৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলি আছে । যোৱা আগষ্ট মাহৰ পৰা হোৱা ধাৰাবাহিক বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বানে নামনি সোৱণশিৰি বিদ্যুৎ গাৰ্ডৱাল ভাঙি পেলাইছিল আৰু মাজুলী, লখিমপুৰ, তেজপুৰ আদি ঠাই জলমগ্ন হৈ পৰিছিল । অনাগত দিনত ইয়াতকৈও ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰিছে সংগঠনটোৱে ।

যোৰহাটত AJYCPৰ প্ৰতিবাদ

সেয়েহে, উত্তৰ অসমৰ ভৱিষ্যৎ ধংস কৰিব পৰা এনে জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে সদৌ অসম যুৱ ছাত্র পৰিষদৰ যোৰহাট জিলা সমিতিয়ে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, এসময়ত বিৰোধী দলৰ ভূমিকা লৈ কংগ্ৰেছৰ দিনত বৃহৎ নদীবান্ধ বিৰোধী স্থিতি গ্ৰহণ কৰা বৰ্তমানৰ বিজেপি চৰকাৰে ২০২২ ভিতৰত নদী বান্ধ সম্পূৰ্ণ কৰাৰ বাবে সংকল্প লৈছে বুলি কৈ সংগঠনটোৰে নেতৃত্বই তীব্ৰ সমালোচনা কৰে । সংগঠনটোৱে এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও প্ৰেৰণ কৰিছে । লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজৰ মংগলৰ অৰ্থে এই প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰে এই বিষয়ত আলোচনা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:যাত্ৰীবাহী ৰে'লসেৱা পুনৰ মুকলি কৰাৰ দাবীত ৰঙিয়া ষ্টেচনত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.