ETV Bharat / state

টীয়কত কৰ্কট ৰোগ নিৰাময় সম্বন্ধিত সভাত উপস্থিত বৰষাৰাণী বিষয়া

author img

By

Published : Nov 10, 2021, 8:22 AM IST

মাৰাত্মক ব্যাধি কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে টীয়কত সজাগতা সভা ৷ উক্ত সভাত উপস্থিত থাকি মহিলাসকলক এই ৰোগৰ লক্ষণ, সজাগতা তথা চিকিৎসা আৰু নিৰাময় আদিৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় অভিনেত্ৰী বৰষাৰাণী বিষয়া(Barsha Rani Bishaya)ই ৷

actress-barsha-rani-bishaya-talked-about-cancer-disease-at-a-meeting-in-teok
টীয়কত কৰ্কট ৰোগৰ নিৰাময় সম্বন্ধিত সভাত উপস্থিত বৰষাৰাণী বিষয়া

টীয়ক, 10 নৱেম্বৰ : টীয়কত মঙলবাৰে ৰাজ্যিক পৰ্যায়ৰ কৰ্কট ৰোগ(Cancer)ৰ সজাগতা সভাত উপস্থিত থাকে অভিনেত্ৰী বৰষাৰাণী বিষয়া(Barsha Rani Bishaya) ৷ মাৰাত্মক ব্যাধি কৰ্কট ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা সভাখনত অতিথি হিচাপে উপস্থিত থাকে অভিনেত্ৰীগৰাকী ৷

টীয়কৰ 9 নং বলমা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে ননঘৰ প্ৰজেক্ট এৰণা আই এম এৰ WDW সহযোগত অনুষ্ঠিত কৰে কৰ্কট ৰোগৰ সজাগতা সভাখনি ৷ সভাত উপস্থিত থাকি সকলোকে বিশেষকৈ মহিলাসকলক এই ৰোগৰ লক্ষণ, সজাগতা তথা চিকিৎসা আৰু নিৰাময় আদিৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় বৰষাৰাণী বিষয়াই ৷

দীৰ্ঘদিন অসমৰ ৰাইজে তেওঁক যিদৰে মৰম দি আহিছে, সেই মৰমৰ প্ৰতি সঁহাৰি জনাই কৰ্কট ৰোগৰ ক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় অভিনেত্ৰী বৰষাই । আনহাতে, সভাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু টীয়কৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে কৰ্কট ৰোগ সম্পৰ্কে উপস্থিত ৰাইজৰ সৈতে আলোচনা কৰে ।

লগতে পঢ়ক : গুৱাহাটীৰ অভিজাত বিদ্যালয়ত ক'ভিড সংক্ৰমণ; সাত দিনৰ বাবে বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.