ETV Bharat / state

গুৱাহাটীৰ অভিজাত বিদ্যালয়ত ক'ভিড সংক্ৰমণ; সাত দিনৰ বাবে বন্ধ ঘোষণা

author img

By

Published : Nov 9, 2021, 10:34 PM IST

এক উদ্বেগজনক খবৰ ৷ মহানগৰীৰ এন পি এছ ইণ্টাৰনেচনেল স্কুলত ক’ভিডে লৈছে ভয়াৱহ ৰূপ ৷ বিদ্যালয়খনত সোমবাৰলৈকে ২৯ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ উপস্থিতি । যাৰ বাবে প্ৰশাসনে সাত দিনৰ বাবে বন্ধ কৰি দিছে বিদ্যালয়খন । শংকিত হৈ পৰিছে শিক্ষাৰ্থী তথা অভিভাৱক ৷

Covid infection in Guwahati
গুৱাহাটীৰ আভিজাত্য বিদ্যালয়ত ক'ভিড সংক্ৰমণ

গুৱাহাটী, ৯ নৱেম্বৰ : মঙলবাৰৰ পৰা সাত দিনৰ বাবে বন্ধ গুৱাহাটী মহানগৰৰ অভিজাত বিদ্যালয় এন পি এছ ইণ্টাৰনেচনেল স্কুল । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই অভিজাত বিদ্যালয়খন মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ৷ যাৰ বাবে ১৫ নৱেম্বৰলৈ বিদ্যালয়খনৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে কামৰূপ জিলা প্ৰশাসন ।

Covid infection in Guwahati
গুৱাহাটীৰ আভিজাত্য বিদ্যালয়ত ক'ভিড সংক্ৰমণ

উল্লেখ যে, গুৱাহাটী মহানগৰীৰ এন পি এছ ইণ্টাৰনেচনেল স্কুলৰ শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত হৈছিল যদিও এই ঘটনা গোপনে ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই । স্কুলখনত সোমবাৰলৈকে 29 গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি । এই বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীক হাস্পতালত ভৰ্তি হোৱাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

ইয়াৰ পাচতে স্বাস্থ্য বিভাগৰ লোকে বিদ্যালয়ত ক'ভিড পৰীক্ষা কৰাত সোমবাৰে 16 গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰে ক'ভিড-১৯ অৱস্থিতি । জানিব পৰা মতে, এন পি এছ ইন্টাৰনেচনেল স্কুলত প্ৰায় ১২০০ শিক্ষাৰ্থী আছে । ইয়াৰে ৪০০ শিক্ষাৰ্থী থাকে হোষ্টেলত ।

এতিয়ালৈকে বিদ্যালয়খনৰ এগৰাকী শিক্ষকো আক্ৰান্ত ক’ভিড 19 ত । জানিব পৰা মতে, এতিয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ক'ভিড টেষ্ট কৰিবলৈ বাকী আছে । ১৬ গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাচতেই বিদ্যালয়খন প্ৰশাসনে মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা কৰে । যাৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থী তথা অভিভাৱকসকল এতিয়া শংকিত হৈ পৰিছে । ইতিমধ্যে খালী কৰা হৈছে হোষ্টেলো ।

লগতে পঢ়ক : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল, ৬২ গৰাকী পৰিদৰ্শকৰ পদোন্নতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.