ETV Bharat / state

Animesh Bhuyan Murder Case: অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

author img

By

Published : Dec 16, 2022, 4:53 PM IST

Updated : Dec 16, 2022, 4:59 PM IST

Animesh Bhuyan Murder Case
অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ বৈঠক ৷ একাংশ দানৱৰ আক্ৰমণৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা অনিমেশ ভূঞাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীগৰাকীৰে আলোচনাত মিলিত হয় আছুৰ প্ৰতিনিধি দলটো ৷ বৈঠকৰ অন্তত অনিমেশ ভূঞাৰ পৰিয়ালক এটি চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ ৷

অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

যোৰহাট, 16ডিচেম্বৰ: একাংশ পশুতুল্য লোকৰ বৰ্বৰ আক্ৰমণৰ বলি হৈ অকালতে মৃত্যুক সাৱটি লোৱা যোৰহাটৰ অনিমেশ ভূঞাক(Jorhat Animesh Bhuyan) হয়তু আপুনি পাহৰা নাই ৷ শুকুৰবাৰে যোৰহাটত অনিমেশ ভুঞাৰ স্মৃতি সৌধ নিৰ্মাণ আৰু পৰিয়াল লোকক সংস্থাপনৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) সৈতে আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধিৰ দল(All Assam Student Union) ৷

যোৰহাটৰ আৱৰ্ত ভৱনত(Jorhat Circuit House) মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই বৈঠকত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী, সাংগঠনিক সম্পাদক জিতু নেওগ আৰু কাৰ্যনিৰ্বাহক সদস্য দীপ দত্তৰ নেতৃত্বত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল ৷

আছুৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীগৰাকীৰে বৈঠকত মিলিত হৈ সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰদান কৰে এখন স্মাৰক পত্ৰ(Animesh Bhuyan lynching case) ৷ স্মাৰক পত্ৰ(Memorandum) জড়িয়তে মূলত তিনিটা বিষয় মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ দলটোৱে ৷

সেই বিষয় কেইটা হ’ল-

1) অতি শীঘ্ৰেই হত্যাৰ বলি হোৱা অনিমেশ ভূঞাৰ সোঁৱৰণত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ লগতে যোৰহাটৰ পৰা ড্ৰাগছ,গণহত্যা আদিৰ দৰে সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা

2) শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ঘোষণা কৰা মৰ্মে প্ৰয়াত অনিমেষ ভূঞাৰ পৰিয়ালক এটি চৰকাৰী সংস্থাপন অতিশীঘ্ৰে প্ৰদান কৰা আৰু

3) আইনী সুৰুঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে তাক নিশ্চিত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ কৰা

এই আটাইকেইটা বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোক তিনিওটা বিষয় শীঘ্ৰেই কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

স্মৰ্তব্য যে, 2021 চনৰ 29 নৱেম্বৰত একাংশ মানৱৰূপী দানৱে যোৰহাট চহৰৰ মাজমজিয়াত(Jorhat mob lynching case) মৰিয়াই মৰিয়াই হত্যা কৰিছিল অনিমেশ ভূঞাক ৷ এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিছিল মৃদুস্মন্ত বৰুৱা নামৰ আন এজন যুৱকৰ ৷

লগতে পঢ়ক: Assam Police strict regulation: ষ্টান্ট কৰা বাইক চালকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

Last Updated :Dec 16, 2022, 4:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.