ETV Bharat / state

Assam Police strict regulation: ষ্টান্ট কৰা বাইক চালকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

author img

By

Published : Dec 16, 2022, 1:33 PM IST

উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰক্ষীয়ে। বাইক ষ্টাণ্টৰ কেইবাটাও ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে বিশেষভাৱে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী (Assam Police strict regulation on bike stunting)। ষ্টান্ট বাইকিঙত লিপ্ত যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেচেজ কৰিবলৈ ৰাইজক আহ্বান অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ।

Assam Police strong step against bike stunting
Assam Police strict regulation: ষ্টান্ট কৰা বাইক চালকৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

গুৱাহাটী, ১৬ ডিচেম্বৰ: চুৰি-ডকাইতি, হত্যা-লুণ্ঠন আদি বিভিন্ন অপৰাধমূলক ঘটনাৰ সমান্তৰালকৈ শেহতীয়াকৈ একাংশ উদণ্ড বাইক চালক তথা ষ্টাণ্ট কৰা বাইকাৰ্ছ আৰক্ষীৰ বাবে মূৰকামোৰণিৰ কাৰণ হৈ পৰিছে। যাৰ বাবে আৰক্ষীয়ে এনে উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে। শেহতীয়াকৈ বাইক ষ্টাণ্টৰ কেইবাটাও ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে বিশেষভাৱে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী (Assam Police strict regulation)।

ষ্টান্ট বাইকিঙত জড়িতসকলৰ ওপৰত এতিয়াৰে পৰা তীক্ষ্ণ নজৰ ৰাখিব অসম আৰক্ষীয়ে। ছচিয়েল মিডিয়াযোগে এই কথাৰ ইংগিত দিলে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (ADGP GP Singh)। নিয়মীয়াকৈ ষ্টান্ট বাইকিঙত লিপ্ত যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেচেজ কৰিবলৈ ৰাইজক আৰক্ষী বিষয়াগৰাকীয়ে আহ্বান জনাইছে (Assam Police strict regulation on bike stunting)। তদুপৰি চছিয়েল মিডিয়া প্লেটফৰ্মত এনে প্ৰদৰ্শন অসম আৰক্ষীৰ দৃষ্টিগোচৰ কৰিবলৈও বিষয়াগৰাকীয়ে অনুৰোধ জনাইছে।

  • অসমৰ ৰাইজে নিয়মীয়াকৈ ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ'ল। Social Media প্লেটফৰ্মত এনে প্ৰদৰ্শন @assampolice ৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

    — GP Singh (@gpsinghips) December 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে শেহতীয়াকৈ বিলাসীপাৰাত সংঘটিত এক ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। ৪ উদণ্ড যুৱকৰ এক ভিডিঅ'ই ছচিয়েল মিডিয়া তোলপাৰ লগাইছিল। যুৱক কেইজনে এগৰাকী বৃদ্ধাক বাইকেৰে খুন্দিয়াই নিজৰ পৈশাচিক তৃপ্তি জাহিৰ কৰিছিল।

আনকি ১০ মিনিটত আৰক্ষীৰ কৱলৰ পৰা ওলাই অহা বুলি কৰা দাবী কৰি ছ’চিয়েল মিডিয়াত নিজৰ শক্তি দেখুৱাৰ প্ৰয়াস কৰিছিল। এই ভিডিঅ’ ভাইৰেল হেৱাৰ পাছতেই আৰক্ষীকো সমালোচনা কৰিছিল বিভিন্নজনে। ইতিমধ্যে উক্ত ঘটনাত জড়িত ২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (2 Arrested for bike stunt )।

ইফালে ষ্টান্ট বাইকিঙত জড়িতসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা অভিযানৰ অংশ হিচাপে ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষী থানাই (Chabua Police Station)৩ জন ষ্টান্ট বাইকাৰ্ছক আটক কৰাৰ লগতে ২ খন স্পৰ্টছ বাইক জব্দ কৰিছে ।

লগতে পঢ়ক: Most Wanted criminal Encounter: দলগাঁৱত চোৰাং চিকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.