ETV Bharat / state

হোজাই জিলাত অব্যাহত সাপ্তাহিক লক ডাউনঃ গণসংক্ৰমণৰ আশংকা

author img

By

Published : Aug 1, 2020, 3:54 PM IST

Updated : Aug 1, 2020, 4:51 PM IST

হোজাই জিলাৰ জনসাধাৰণে মানি চলিছে লক ডাউনৰ চৰকাৰী নিয়ম-নীতি ৷ ট্ৰেভেল হিষ্ট্ৰৰী নথকা বহু কেইজন লোকৰ শৰীৰত ইতিমধ্যে লাভ কৰা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি ৷

lock down in hojai
হোজাই জিলাত অব্যাহত সাপ্তাহিক লকডাউন

হোজাই,1 আগষ্টঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে হোজাই জিলাটো অব্যাহত আছে সাপ্তাহিক লক ডাউন ৷ শনিবাৰে জিলাখনৰ প্ৰত্যেকটো প্ৰান্ততে সকলো দোকান পোহাৰ বন্ধ থকাৰ লগতে জনসাধাৰণেও মানি চলিছে লক ডাউনৰ নিয়ম-নীতি ৷

কনটেইনমেণ্ট য’ন হিচাপে ঘোষণা লংকা আৰক্ষী চকীৰ চৌহদ

আনহাতে , বিগত দিন কেইটাত জিলাখনত কেইবাজনে আৰক্ষী বিষয়া তথা স্বাস্থ্য কৰ্মীৰ দেহত কোভিড 19 পজিটিভ পোৱাৰ পাছতেই জিলাখনত ক’ৰণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷ উল্লেখযোগ্য যে,জিলাখনত বিগত কিছুদিনৰ পৰা অস্বাভাৱিক গতিত বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ট্ৰেভেল হিষ্ট্ৰী নথকা বহু কেইজন লোকৰ শৰীৰত ইতিমধ্যে ক’ৰণা ভাইৰাছৰ অৱস্থিতি লাভ কৰা গৈছে ৷ লংকা চহৰৰ আৰক্ষী চকীত 3 গৰাকী মহিলা আৰক্ষীৰ দেহত কোভিড 19ৰ অৱস্থিতি লাভ কৰাৰ পাছতেই সম্প্ৰতি কনটেইনমেণ্ট য’ন হিচাপে ঘোষণা কৰা হৈছে লংকা আৰক্ষী চকীৰ চৌহদ ৷

লগতে পঢ়কঃ বিজেপি সমৰ্থকক ঘৰত সোমাই ভাবুকি দুৰ্বৃত্তৰ

Last Updated :Aug 1, 2020, 4:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.