ETV Bharat / state

Encroachment of Forest Land : লামডিং বনাঞ্চলত পুনৰ আটক দুই ভূ-মাফিয়া

author img

By

Published : Nov 18, 2021, 7:23 PM IST

Two held for settling people on Lumding forest land
লামডিং বনাঞ্চলত পুনৰ আটক দুই ভূ-মাফিয়া

হোজাই জিলাৰ লামডিং বনাঞ্চলত ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ 16 নৱেম্বৰত হোজাই জিলা আৰক্ষীয়ে লামডিং বনাঞ্চলৰ পৰা নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ দুটা ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷

হোজাই, 18 নৱেম্বৰ : হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা বৃহস্পতিবাৰে হোজাই আৰক্ষীয়ে দুই ভূ-মাফিয়াক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ভূ-মাফিয়া দুটা আফজল আৰু আবুল হুছেইন বুলি জানিব পৰা গৈছে । দুয়োকে হোজাই জিলাৰ নখুটি অঞ্চলত পৰা আটক কৰে আৰক্ষীয়ে ।

Two held for settling people on Lumding forest land
ভূ মাফিয়া

উল্লেখ্য যে, হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা 16 নৱেম্বৰ হোজাই জিলা আৰক্ষীয়ে নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ দুটা ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ নজৰুলে ধনৰ বিনিময়ত লামডিং বনাঞ্চলৰ চৰকাৰী ভূমি একাংশ লোকক সংস্থাপিত কৰিছিল ৷ নজৰুল লগত আৰু কেইবাজনো জড়িত থকাৰ সম্ভেদ পাইছিল হোজাই আৰক্ষীয়ে ।

Two held for settling people on Lumding forest land
ভূ মাফিয়া

লামডিং বনাঞ্চলত উচ্ছেদৰ সময়ত পোহৰলৈ আহিছিল ইয়াৰ আঁৰত জড়িত থকা আন একাংশৰ নাম । ইয়াৰ ওপৰত ভিত্তি কৰি হোজাই জিলা আৰক্ষীয়ে আফজল আৰু আবুল হুছেইনক আটক কৰে । বৰ্তমান দুয়োকে ৰখা হৈছে নখুটি আৰক্ষী থানাত ।

লগতে পঢ়ক : encroachment of forest land : লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.