ETV Bharat / state

encroachment of forest land : লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ

author img

By

Published : Nov 16, 2021, 8:50 PM IST

Updated : Nov 16, 2021, 10:48 PM IST

লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ
লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ

লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিৎ দুৱৰাৰ নেতৃত্বত অভিযান চলাই নখুটীৰ পৰা আটক কৰে ভূ-মাফিয়া নজৰুল ইছলামক ৷

হোজাই, 16 নৱেম্বৰ : হোজাই জিলাৰ লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে লামডিং বনাঞ্চলত প্ৰথম পৰ্য্যায়ত ৮ আৰু ৯ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত ১১ আৰু ১২ নৱেম্বৰ তাৰিখে হোজাই প্ৰশাসনে চলাইছিল উচ্চেদ অভিযান ৷ লামডিং বনাঞ্চলৰ কমৰপানী, বেটনলা, হাজিবস্তি, পাগলাবস্তী, থাদংনলাত চলাইছিল এই উচ্ছেদ অভিযান ৷

সৰ্বমুঠ ৭৩৬ টা ঘৰ উচ্ছেদ কৰিছিল প্ৰশাসনে ৷ এই উচ্ছেদ অভিযান চলোৱাৰ পাচতে উচ্ছেদিত লোকসকলে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল বনাঞ্চলৰ ভূমি বেদখলৰ আঁৰৰ কাহিনী ৷ সেই সময়তে পোহৰলৈ আহিছিল ভূ-মাফিয়া নজৰুল ইছলামৰ নাম ৷

মুখ্যমন্ত্ৰীৰ মুখতো উচ্চাৰিত হৈছিল নজৰুলৰ নাম ৷ অভিযোগ অনুসৰি, নজৰুলৰ নেতৃত্বতে লামডিং সংৰক্ষিত বনাঞ্চলত চলিছিল ভুৱা প্ৰমাণ পত্ৰৰে ভূমি বিক্ৰীৰ অভিযান ৷ ইয়াৰ পাছতেই হোজাই আৰক্ষীয়ে লামডিং আৰক্ষীত থানাত নজৰুলৰ বিৰুদ্ধে 224/21 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 147/427/326/506/307/ আৰু বন আইনৰ 24 AB 25, ABCD/42/61 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷

লামডিং বনাঞ্চলৰ ভূ-মাফিয়া নজৰুল-আনোৱাৰক গ্ৰেপ্তাৰ

লগতে পঢ়ক: Eviction of Lumding Forest: বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্ত দাবী শিলাদিত্যৰ

উক্ত গোচৰৰ ভিত্তিতে নজৰুলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল লামডিং আৰক্ষীয়ে ৷ হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজিৎ দুৱৰাৰ নেতৃত্বত অভিযান চলাই নখুটীৰ পৰা আটক কৰে ভূ-মাফিয়া নজৰুল ইছলামক ৷ নজৰুলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ আন এজন মাটিৰ দালালকো আটক কৰে ৷

মঙলবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰা হয় দুয়ো অভিযুক্তক ৷ আদালতত ধৃত দুই মাফিয়াক 7 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰে যদিও 7 দিনৰ পৰিৱৰ্তে দুয়োকে তিনি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে আদালতে ৷ অবৈধভাৱে লামডিং বনাঞ্চলৰ ভূমি বিক্ৰীৰ লগত জড়িত কোনো লোক সাৰি নাযায় বুলি স্পষ্ট কৰি দিছে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ৷

লগতে পঢ়ক: পুনৰ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত চলিল প্ৰশাসনৰ বুলড’জাৰ

Last Updated :Nov 16, 2021, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.