ETV Bharat / state

Eviction of Lumding Forest: বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্ত দাবী শিলাদিত্যৰ

author img

By

Published : Nov 13, 2021, 9:32 PM IST

Shiladitya Dev reacts on encroacher of lumding forest
বনাঞ্চল বেদখলকাৰীৰ ক্ষেত্ৰত CID ৰ তদন্ত দাবী শিলাদিত্যৰ

বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্তৰ দাবী তুলিছে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷ শিলাদিত্য দেৱে প্ৰশ্ন উত্থাপন কৰে যে, বনাঞ্চল সমূহৰ ভূমি বেদখল কৰিবলৈ কেনেকৈ মানুহবোৰ আহে ? কোনে আনে তেওঁলোকক ?

হোজাই, 13 অক্টোবৰ : লামডিং বনাঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে CID ৰ তদন্তৰ দাবী তুলিছে প্ৰাক্তন হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৷ তেওঁ কয়, লামডিং বনাঞ্চলৰ উচ্ছেদৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়লয়ে যি নিৰ্দেশনা দিছে সেইয়া নিৰ্দেশনা অসমৰ যিকোনো প্ৰান্তৰ বেদখলকৰা অঞ্চলসমূহত প্ৰয়োগ হ'ব পাৰে ৷ কিন্তু বেদখলকাৰী সম্পৰ্কত এটা CID তদন্তও হ'ব লাগে ৷

শিলাদিত্য দেৱে প্ৰশ্ন উত্থাপন কৰে যে, বনাঞ্চল সমূহৰ ভূমি বেদখল কৰিবলৈ কেনেকৈ মানুহবোৰ আহে ? কোনে আনে তেওঁলোকক ? মানহবোৰৰ পূৰ্বৰ পৰিচয় কি ? এই ক্ষেত্ৰত CID ৰ তদন্তৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে শিলাদিত্যই ৷

বনাঞ্চল বেদখলকাৰীৰ ক্ষেত্ৰত CID ৰ তদন্ত দাবী শিলাদিত্যৰ

ইফালে, নজৰুল নামৰ এগৰাকী লোকৰ নাম উল্লেখ কৰি শিলাদিত্যই কয়, নজৰুল সাধাৰণ মানুহ নহয়, তেওঁ এটা ডাঙৰ অপৰাধী । পূৰ্বে বহু বছৰ ধৰি কাশ্মিৰত আছিল নজৰুল ৷ তেওঁ ইমান বছৰ ধৰি কাশ্মিৰত কি কৰিছিল আৰু কিয় আছিল বুলি প্ৰশ্ন উত্থাপন কৰে শিলাদিত্য দেৱে ৷

লগতে পঢ়ক : BTR POLITICS : হঠাৎ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা হাগ্ৰামাৰ

লামডিং বনাঞ্চলৰ বেদখলকাৰী সকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত নজৰুলৰ হাত থাকিব পাৰে ৷ কিয়নো তেওঁ এগৰাকীৰ ভূ-মাফিয়া ৷ যেতিয়া লামডিং বনাঞ্চলত উচ্ছেদ চলিব বুলি গম পালে, তেতিয়াই তেওঁ পলায়ন কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে শিলাদিত্য দেৱে ৷

'নজৰুলৰ দৰে ব্যক্তি সকলৰ দুই দেশৰ নাগৰিকত্ব থাকে ৷ তেওঁলোক ভাৰতৰো নাগৰিক, বাংলাদেশৰো নাগৰিক । এতিয়া বাংলাদেশৰ কৰবাত আৰামত বহি আছে নজৰুল । যেতিয়া পৰিবেশ শান্ত হ'ব তেতিয়া পুনৰ ঘূৰি আহিব ।' সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিলাদিত্য দেৱে ৷

চাকমা লোক সকলে ১৫ দিনৰ সময়সীমা প্ৰশাসনক বান্ধি দিয়া সন্দৰ্ভত কয় যে, চৰকাৰৰ ফালৰ পৰা তেওঁলোকক মাটি দিয়া হ'ব ৷ গতিকে তেওঁলোকক ধৰ্য ধৰিবলৈ আহ্বান জনাই শিলাদিত্য দেৱে ৷

লগতে পঢ়ক : সচাকৈয়ে ULFA-I ত যোগদান কৰিলে নেকি সন্ধানহীন 5 যুৱতীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.