ETV Bharat / state

পুনৰ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত চলিল প্ৰশাসনৰ বুলড’জাৰ

author img

By

Published : Nov 11, 2021, 10:32 PM IST

Updated : Nov 11, 2021, 10:49 PM IST

Eviction at lumding forest
পুনৰ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত চলিল প্ৰশাসনৰ বুলড’জাৰ

হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত পুনৰ হয় উচ্ছেদ অভিযান । বৃহস্পতিবাৰে শান্তিপূৰ্ণ ভাবে চলিল এই উচ্ছেদ অভিযান ৷

হোজাই, 11 নৱেম্বৰ : হোজাইত পুনৰ উচ্ছেদ অভিযান ৷ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । গুৱাহাটী উচ্চ ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি হোজাই জিলা প্ৰশাসনৰ সহযোগত আৰু বন বিভাগৰ উদ্যোগত চলিত মাহৰ ৮ আৰু ৯ নৱেম্বৰ তাৰিখে লামডিং বনাঞ্চলৰ ভিতৰত অবৈধ ভাবে বসবাস কৰি থকা ভূমিত চলিছিল প্ৰশাসনৰ বুলড’জাৰ ৷ বৃহস্পতিবাৰে পুনৰ লামডিং বনাঞ্চলৰ থাদংনলাত জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান ।

বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা উক্ত অঞ্চলত উচ্ছেদ হোৱা কথা আছিল যদিও থাদংনলা অঞ্চলত থকা চাকমা লোকসকলে প্ৰশাসনে পুনৰ সংস্থাপন দিয়া ঠাইলৈ যাবলৈ অমান্তি হোৱাত বহু পৰলৈকে উচ্ছেদ হোৱা নাছিল উক্ত অঞ্চলটোত । ফলত থমকি ৰ’ব লগা হৈছিল হোজাই প্ৰশাসন । প্ৰশাসনে বাৰম্বাৰ বুজাইছিল যদিও নিজৰ মতত ব্ৰৰ্তী আছিল চাকমা লোকসকল ।

পুনৰ হোজাই জিলাৰ লামডিং বনাঞ্চলৰ থাদংনলাত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিচৰা ঠাই নিদিলে থাদংনলাতেই মৰিলেও মৰিম বুলি নিজৰ মত ব্যক্ত কৰিছিল চাকমা লোকসকলে । পৰৱৰ্তী সময়ত থাদংনলাৰ চাকমা লোকসকলক লামডিং বনাঞ্চলৰ সমীপৰ ডেকাবস্তিত সংস্থাপন দিয়াত সহজতে মান্তি হৈ পৰে চাকমা লোকসকল । পৰৱৰ্তী সময়ত চাকমা লোকসকলে নিজৰ ঘৰ-দোৱাৰ নিজে ভাঙি টালি-টোপোলা বান্ধি ডেকাবস্তিলৈ স্থানান্তৰ হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈ বহু পৰিয়াল ওলাই আহিবলৈ এতিয়াও বাকী আছে উক্ত অঞ্চলটোৰ পৰা । সম্ভৱত শুকুৰবাৰে উচ্ছেদ চলাৰ সম্ভাৱনা আছে উক্ত থাদংনলা অঞ্চলটোত । উল্লেখ যে, অবিভক্ত নগাঁও দক্ষিণ সংমণ্ডল বিষয়াই (DFO) জানিব দিয়া মতে, থাদংনলাত ২৬ টা পৰিয়াল থকাৰ লগতে সৰ্বমুঠ বৰ্তমানলৈকে ১৪১০ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে । লগতে আগন্তুক দিনত পৰ্যায় ক্ৰমে লামডিং বনাঞ্চলৰ ভূমিত অবৈধ ভাৱে বসবাস কৰি থকা ঠাইসমূহত চলি থাকিব উচ্ছেদ ।

লগতে পঢ়ক : উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

Last Updated :Nov 11, 2021, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.