ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jun 18, 2022, 5:15 PM IST

5 বজাৰ শীৰ্ষ দহটা বাতৰি

হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন

হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন লোক(12 people missing in Boat accident at Hojai) ৷ বানাক্ৰান্ত অঞ্চলৰ পৰা লোককেইজনক নিৰাপদ স্থানলৈ নিয়াৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ পানীৰ প্ৰৱল সোঁতৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

অসম ৰাইফলছত ১০ শতাংশ পদ অগ্নিবীৰসকলৰ বাবে সংৰক্ষিত হ'ব

কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনিক লৈ দেশত প্ৰতিবাদ অব্যাহত আছে (Protest over Agnipath Scheme)। বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে চৰকাৰে ঘোষণা কৰিছে যে অগ্নিবীৰসকলৰ বাবে চিএপিএফ আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত ১০ শতাংশ খালী পদ সংৰক্ষণ কৰা হ'ব ।

ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী

ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে (Flood in Dhemaji) ৷ বানাক্ৰান্ত লোকসকলক তিনি দিনৰ বাবে চাউল, দাইল আৰু নিমখ বিতৰণ কৰে (Flood relief at Junai ) ৷

ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

চাৰিদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা (Flood in Assam 2022) ৷ দ্বিতীয়টো বান আৰু ভূমিস্খলনত বৰ্তমানলৈ 9 জন লোকৰ মৃত্যু হৈছে‌ (9 people died in landslide) । নামনি আৰু মধ্য অসমৰ লগতে পানীত বুৰ গৈছে উত্তৰ অসম। তথ্য মতে এতিয়ালৈকে ৮৪,৩৪৩১ জন লােক বানত ক্ষতিগ্রস্ত হৈছে (84,3431 people have been affected by the floods) ৷

ৰাজ্যত বানৰ বিভীষিকা অব্যাহত: ২৮ জিলাৰ ৮৪,৩৪৩১ লোক ক্ষতিগ্ৰস্ত

চাৰিদিন ধৰি ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা (Flood in Assam 2022) ৷ দ্বিতীয়টো বান আৰু ভূমিস্খলনত বৰ্তমানলৈ 9 জন লোকৰ মৃত্যু হৈছে‌ (9 people died in landslide) । নামনি আৰু মধ্য অসমৰ লগতে পানীত বুৰ গৈছে উত্তৰ অসম। তথ্য মতে এতিয়ালৈকে ৮৪,৩৪৩১ জন লােক বানত ক্ষতিগ্রস্ত হৈছে (84,3431 people have been affected by the floods) ৷

বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

ৰাজ্যজুৰি বানৰ তাণ্ডৱ(Flood situation in Assam) । বানত বুৰিছে নিতৌ ন ন অঞ্চল । শোণিতপুৰ জিলাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে(Flood in Sonitpur) । বৰ্তমান শোণিতপুৰ জিলাত ২১,৫৫৪ জন লোক বানৰ কৱলত ।

উৰুখা গৃহত শিক্ষাদান চলিছে শিমলুগুৰিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়ত

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পুতৌলগা ফলাফল সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়তে একাংশ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনিয়েও ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ স্বৰূপ উদঙাইছে ৷ শিমলুগুৰিৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলো চিন্তিত হৈ পৰিছে (Poor infrastructure of government school)৷

মেঘালয়ে যিকোনো মুহুৰ্ততে এৰিব পাৰে পানী

Red Alert: ৰাজ্যত প্ৰলয়ংকৰী বানৰ মাজতে মেঘালয়ৰ সতৰ্কবাণী। যি কোনো মুহূৰ্ততে এৰিব পাৰে পানী । মেঘালয় চৰকাৰৰ এনে সতৰ্কবাণীয়ে পৰিস্থিতি অধিক জটিল কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

উদালিত পানীত পৰি দুটি শিশুৰ মৃত্যু

হোজাইৰ উদালিত শুকুৰবাৰে সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা । পানীত পৰি মৃত্যু হয় দুটি শিশুৰ(Child death in Hojai) । বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে শিশু দুটাৰ মৃতদেহ ৷

বানৰ বিভীষিকাৰ মাজতে স্বাস্থ্য কৰ্মীৰ হৰ-ঘৰ-দস্তক অভিযান

ৰাজ্যত বানৰ সংহাৰ (Assam flood) ৷ বান বিভীষিকাৰ মাজতে মাজুলীত একাংশ স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে চলাইছে 'হৰ-ঘৰ-দস্তক' অভিযান (Har ghar dastak campaign in Majuli) ৷ অতি বিপদসংকুল পৰিস্থিতিৰ মাজতো স্বাস্থ্য কৰ্মীয়ে পালন কৰিছে নিজৰ কৰ্তব্য ৷ একাঠু পানীত নামি নাৰ্চ, আশা কৰ্মীসহ এটা স্বাস্থ্য কৰ্মীৰ দলে শালমৰাত ঘৰে ঘৰে গৈ ৬০ ৰ উৰ্দ্ধৰ ব্যক্তিসকলক বুষ্টাৰ ড'জ প্ৰদান কৰে (Booster dose to old people) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.