ETV Bharat / state

মেঘালয়ে যিকোনো মুহুৰ্ততে এৰিব পাৰে পানী

author img

By

Published : Jun 18, 2022, 12:11 PM IST

মেঘালয়ে যিকোনো মুহুৰ্ততে এৰিব পাৰে পানী
মেঘালয়ে যিকোনো মুহুৰ্ততে এৰিব পাৰে পানী

Red Alert: ৰাজ্যত প্ৰলয়ংকৰী বানৰ মাজতে মেঘালয়ৰ সতৰ্কবাণী। যি কোনো মুহূৰ্ততে এৰিব পাৰে পানী । মেঘালয় চৰকাৰৰ এনে সতৰ্কবাণীয়ে পৰিস্থিতি অধিক জটিল কৰাৰ সম্ভাৱনা প্ৰকট হৈছে ।

গুৱাহাটী,১৮ জুন: চুবুৰীয়া ৰাজ্য মেঘালয়ে যি কোনো মুহূৰ্ততে এৰি দিব পাৰে পানী (Red Alert IN Assam)। এই সতৰ্কবাণী জাৰি কৰিছে মেঘালয়ৰ ৰিভ'ই জিলাৰ উপায়ুক্তই । মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম লেকৰ জলস্তৰ বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে অতিৰিক্ত পানী এৰিবলৈ বাধ্য হ'ব বুলি এক জাননী যোগে সতৰ্ক কৰি দিছে (Meghalaya May Release water At Any Moment )। ইতিমধ্য়ে ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে পত্র । ইপিনে,ৰিভ'ই জিলাৰ উপায়ুক্তই কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্তলৈ পত্র প্ৰেৰণ কৰি ৰাইজক আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ বাবে আহ্বান জনাইছে।

guwahati
মেঘালয়ে যিকোনো মুহূৰ্তত এৰিব পাৰে পানী

এতিয়া গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ লগতে ৰাজ্যৰ চাৰিওফালে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । এনে সময়তে মেঘালয় চৰকাৰৰ এই সতৰ্কবাণীয়ে পৰিস্থিতি আৰু অধিক জটিল কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে । বিশেষকৈ কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্যত পৰিস্থিতি অৱনতি হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য় যে গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ গ্ৰাম্যৰ ছয়গাঁও,ৰামপুৰ,নহিৰা, জিয়াকুৰ ,কুকুৰমাৰাকে ধৰি বকো আদি অঞ্চলক কেন্দ্ৰ কৰি বিশেষভাৱে সতৰ্কবানী জাৰি কৰিছে মেঘালয় চৰকাৰে ।

বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত প্ৰলয়ংকৰী বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সমগ্ৰ ৰাজ্য এতিয়া বানত বিধ্বস্ত হৈ পৰিছে । এনে সময়তে মেঘালয় চৰকাৰে এই বিশেষ সতৰ্কবাণী জাৰি কৰাত ৰাইজৰ মাজত একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । কাৰণ মেঘালয়ে পানী এৰি দিয়াৰ ফলত ইতিপূৰ্বে কেইবাবাৰো অসমে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল ।

লগতে পঢ়ক:বানৰ সংহাৰ: নলবাৰীত বানে পুনৰ প্ৰাণ ল'লে এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.