ETV Bharat / state

হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন

author img

By

Published : Jun 18, 2022, 9:00 AM IST

Updated : Jun 18, 2022, 2:18 PM IST

হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন লোক(12 people missing in Boat accident at Hojai) ৷ বানাক্ৰান্ত অঞ্চলৰ পৰা লোককেইজনক নিৰাপদ স্থানলৈ নিয়াৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ৷ পানীৰ প্ৰৱল সোঁতৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

boat-accident-in-hojai-12-missing
হোজাইত নাও দুৰ্ঘটনাত সন্ধানহীন 12 জন

হোজাই, 18 জুন : হোজাইৰ যাঠিহুৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এটা ভয়ংকৰ নাও দুৰ্ঘটনা (Assam Boat Accident) ৷ বানৰ কৱলত থকা লোকসকল নাৱেৰে নিৰাপদ স্থানলৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত কেইবাজনো লোক সন্ধানহীন হোৱাৰ কথা জানিব পৰা হৈছে ৷

ইছলামপুৰৰ পৰা মুঠ ২৭ জন যাত্রীৰে গৈ আছিল নাওঁখন ৷ পানীৰ প্ৰচণ্ড সোঁতত বুৰ যায় নাওখন আৰু নদীৰ বাঢ়নী পানীত উটি যায় যাত্ৰীসকল । উটি যোৱা যাত্ৰীৰ কিছু কিছু লোকে গছ-বন আদিক সাৰথি কৰি ধৰি থাকে । আন কইবাজ লোকে সাতুৰি কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ কিন্তু বাকীসকল এতিয়াও সন্ধানহীন হৈয়েই আছে ৷

উদ্ধাৰকাৰী দলৰ সদস্য

নাওতখনত কেইবাটিও শিশু আৰু ভালেকেইগৰাকী মহিলা থকাৰ কথা জানিব পৰা হৈছে । বানাক্ৰান্ত অঞ্চলৰ পৰা লোককেইজনক নিৰাপদ স্থানলৈ নিয়াৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় (Boat accident in Hojai) ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই নিশাই আৰক্ষী-প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷

উদ্ধাৰকাৰী দলে দুখন ইঞ্জিন নাৱেৰে মুঠ ২৪ জন যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ শক্ষম হয় ৷ কিন্তু দুটা শিশু প্ৰচণ্ড বানত উটি যায় । বৰ্তমানেও সন্ধানহীন হৈ আছে শিশু দুটি । উদ্ধাৰকাৰী দলে নিশাই লোকসকলক হোজাই FRU লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Flood hazard in Assam : কেতিয়া ওলাব বেলি, কেতিয়া শুকাব পানী ?

Last Updated : Jun 18, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.