ETV Bharat / state

বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 18, 2022, 1:09 PM IST

vast area of sonitpur damaged in floods
বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

ৰাজ্যজুৰি বানৰ তাণ্ডৱ(Flood situation in Assam) । বানত বুৰিছে নিতৌ ন ন অঞ্চল । শোণিতপুৰ জিলাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে(Flood in Sonitpur) । বৰ্তমান শোণিতপুৰ জিলাত ২১,৫৫৪ জন লোক বানৰ কৱলত ।

তেজপুৰ,১৮ জুন: ৰাজ্যত বানৰ ভয়ংকৰ ৰূপ(Flood situation in Assam) । প্ৰতিদিনেই বুৰাইছে ন ন অঞ্চল । শোণিতপুৰতো দেখা গৈছে বানৰ ভয়ংকৰ ৰূপ(Flood in Sonitpur) । জিলাখনৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কৱলত । বানে উটুৱাই নিছে পকী দলং,পকী পথ ।

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বৈঠাভঙাত শুক্ৰবাৰে সন্ধিয়াৰ ভাগত এখন পকী দলং আৰু এটা পথ বানে সম্পূৰ্ণৰূপে উটুৱাই নিয়ে(Flood damaged Sonitpur Bridge) । প্ৰায় ৫০ মিটাৰ দলংখনৰ লগতে বৈঠাভঙাৰ মূল পথটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় । সম্প্ৰতি উক্ত পথটোৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বালিপৰাত সম্পূৰ্ণ এটা দিন বন্ধ ৰখাৰ পিছত শনিবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ তত্বাৱধানত শোণিতপুৰৰ আৰক্ষীয়ে পথটোৰে যান-বাহনৰ চলাচল মুকলি কৰি দিয়ে ।

বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

জানিব পৰা মতে, শোণিতপুৰ জিলাত পাঁচটা ৰাজহ চক্ৰৰ অধীনত মুঠ ৯২ খন গাঁও এতিয়া পানীৰ তলত(Many places in Sonitpur have been submerged in flood) । চাৰিদুৱাৰ ৰাজহ চক্ৰৰ ২৮ খন গাঁও, ঢেকীয়াজুলিৰ ২৩ খন, নদুৱাৰত ১ খন,তেজপুৰ ২২ খন আৰু ঠেলামৰাত ১৮ খন বৰ্তমান বানৰ কৱলত । ইফালে বানত ক্ষতিগ্ৰস্ত প্ৰায় ২১, ৫৫৪ জন লোক । ইয়াৰ ভিতৰত ৮১৪২ গৰাকী পুৰুষ,৭৩১০ গৰাকী মহিলা আৰু ৬১০২ টা শিশুৱে পানীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে ।

জিলা প্ৰশাসনে মুঠ ৮ টা সাহায্য শিবিৰৰ ব্য়ৱস্থা কৰি নিয়মিতভাৱে খাদ্য যোগান ধৰিছে আৰু চাৰিদুৱাৰত এটা আশ্ৰয় শিৱিৰ স্থাপন কৰি সকলোকে খাদ্যৰ যোগান ধৰিছে বুলি জানিব পৰা গৈছে । আনহাতে এই বানত বহুতো কৃষি ভূমি আৰু শস্যৰ অনিষ্ট সাধন হৈছে । চৰকাৰৰ তথ্য অনুসৰি জিলাখনত মুঠ ৭৯৯.৫০ হেক্টৰ কৃষি ভূমি পানীৰ তলত । মুঠতে বানৰ ফলত সমগ্ৰ জিলাখনতে এক অবৰ্ণনীয় পৰিৱেশ বিৰাজ কৰিছে ।

লগতে পঢ়ক: বোকাখাত আৰক্ষীৰ অভিযানত জব্দ তিনিখন বাহনসহ ২৭ টা গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.