ETV Bharat / state

চামগুৰিত আশ্ৰয়হীন হ’ল সহস্ৰাধিক চৰাই

author img

By

Published : Aug 30, 2022, 8:55 AM IST

Thousands of birds are homeless in Chamguri
চামগুৰিত আশ্ৰয়হীন হ’ল সহস্ৰাধিক চৰাই

গছ কটাৰ ফলত চামগুৰিত আশ্ৰয়হীন হ’ল সহস্ৰাধিক চৰাই(Thousands of birds are homeless in Chamguri) ৷ চামগুৰিৰ আমনিত ফ’ৰলেন পথ নিৰ্মাণ কৰিবলৈ কৰ্তৃপক্ষই কাটি পেলালে এজোপা প্ৰকাণ্ড বট্গছ ৷ যিয়ে এতিয়া ইলেকট্ৰিকৰ তাঁৰত আশ্ৰয় লবলৈ বাধ্য কৰাইছে চামগুৰিৰ সহস্ৰাধিক চৰাইক ৷

চামগুৰি, 30 আগষ্ট: অকালতে নিঠৰুৱা হ'ল চামগুৰিৰ সহস্ৰাধিক চৰাই(Thousands of birds are homeless in Chamguri) ৷ জাক জাক আশ্ৰয়হীন চৰায়ে এতিয়া আশ্ৰয় লবলগীয়া হৈছে বৈদ্যুতিক তাঁৰত ৷

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এজোপা প্ৰকাণ্ড বট্গছ কাটি পেলোৱাৰ ফলত এতিয়া আশ্ৰয়হীনতাত ভুগিছে সহস্ৰাধিক চৰাই(Expansion of National Highways)৷ চামগুৰিৰ আমনিত ফ’ৰলেনৰ পথ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই পুৰণিকলীয়া এজোপা প্ৰকাণ্ড বট্ গছ কাটি পেলোৱাৰ ফলত অঞ্চলজুৰি এক সকৰুণ পৰিৱেশে বিৰাজ কৰিছে ৷

চামগুৰিত আশ্ৰয়হীন হ’ল সহস্ৰাধিক চৰাই

চামগুৰিৰ আমনিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পুৰণিকলীয়া প্ৰকাণ্ড বট্ গছজোপা কাটি পেলোৱাৰ ফলতেই সৃষ্টি হৈছে এই সকৰুণ পৰিৱেশৰ(NH 37) ৷ পুৱা ধলফাট দিয়াৰ সময়তে খাদ্যৰ সন্ধানত আঁতৰি যোৱা চৰাইবোৰে বেলি লহিয়াৰ পৰত পুনৰ ওভতি আহে গছজোপালৈ ৷ প্ৰতি দিনৰ দৰে সোমবাৰৰ দিনটোটো চৰাইবোৰ ওলাই গৈছিল খাদ্যৰ সন্ধানত ৷ কিন্তু বিয়লি ওভতি আহি সিহঁতৰ বাসস্থান বিচাৰি নাপায় অৱশেষত আশ্ৰয় লবলগীয়া হয় বৈদ্যুতিক তাঁৰত(Thousands of birds have to resort to electrical wires) ৷

পক্ষীবোৰে শূণ্যত ডেউ দি নাচোন ধৰা নান্দনিক দৃশ্য চাই আপ্লুত হোৱা, পক্ষীৰ কলৰৱত মতলীয়া হোৱা প্ৰকৃতিপ্ৰেমীসকলক এতিয়া সহস্ৰাধিক চৰাইৰ নিৰাশ্ৰয়ী অৱস্থাই কন্দুৱাইছে ৷

লগতে পঢ়ক: আইন উলংঘা কৰি এছ আই নিবেদিতাই কটোৱালে বহু মূল্যবান গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.