ETV Bharat / state

আইন উলংঘা কৰি এছ আই নিবেদিতাই কটোৱালে বহু মূল্যবান গছ

author img

By

Published : Aug 26, 2022, 7:07 PM IST

আইনৰ ৰক্ষক হিচাবে শপত লোৱা এছ আই নিবেদিতা দলেই বন ধ্বংসত যোগালে অৰিহণা ৷ প্ৰতিবেশীৰ চৌহদৰ গছে গোচৰীয়াক অসুবিধাত পেলাৱাৰ বাবে ক্ষমতাৰ অপব্যৱহাৰ কৰি কাটি পোলোৱালে বহু মূল্যবান গছ ৷ আনকি গছৰ মালিকৰ পৰা ধন লোৱাৰো অভিযোগ এছ আই নিবেদিতাৰ বিৰুদ্ধে (Sapekhati SI Nibedita Doley)৷

Sapekhati SI Nibedita Doley
আইন উলংঘা কৰি এছ আই নিবেদিতাই কটোৱালে বহু মূল্যবান গছ

ডিব্ৰুগড়, 26 আগষ্ট: গছৰ মালিকে কাটিবলৈ নিদিয়ে, উপ-পৰিদৰ্শক নিবেদিতা দলেই নামানে ৷ গছ কাটিবলৈ নাচোৰবান্দা সাপেখাতী আৰক্ষী থানাত(Sapekhati Police Station) কৰ্মৰত মহিলা উপ-পৰিদৰ্শক নিবেদিতা দলে ৷ বন ৰক্ষা কৰিবলৈ বিচৰা গৃহস্থক থানালৈ মাতি নি দুহেজাৰ টকা আদায় লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নৱ-নিযুক্ত এছ আই নিবেদিতা দলেই (Sapekhati SI Nibedita Doley)৷

আইন উলংঘা কৰি এছ আই নিবেদিতাই কটোৱালে বহু মূল্যবান গছ

ক্ষমতা পায়েই বন বিভাগৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি গছ কাটিবলৈ উদ্যত হ’ল উপ-পৰিদৰ্শক নিবেদিতা দলে । গোচৰীৰাৰ ঘৰ নিৰ্মাণত প্ৰতিৱেশীৰ ঘৰৰ গছে অসুবিধাৰ সৃষ্টি কৰাৰ বাবে মূল্যৱান গছ কটাৰ বাবে নিৰ্দেশনা দিলে নিবেদিতা দলেই (Tree cut by police officer in Charaideo district) ৷

উল্লেখ্য যে চৰাইদেউ জিলাৰ টিংকু তেলী নামৰ লোকজনৰ প্ৰতিবেশী ৰত্না দে আৰু দিপ্তী দেয়ে টিংকু তেলীৰ বাৰীত থকা গছসমূহে তেওঁলোকৰ ঘৰ নিৰ্মাণত অসুবিধাৰ সৃষ্টি কৰা বুলি সাপেখাতী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ৷ ইয়াৰ পাছতে কোনো তদন্ত নকৰাকৈয়ে মহিলা আৰক্ষী বিষয়া নিবেদিতা দলেয়ে টিংকুৰ বাসগৃহত উপস্থিত হৈ ভাবুকিৰে মূল্যৱান গছ কাটিবলৈ নিৰ্দেশ দি এফালৰ পৰা গছসমূহ কাটি পেলায় ।

আইনৰ ৰক্ষক হিচাবে শপত লৈ বন বিভাগৰ নীতি-নিৰ্দেশনাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি গছসমূহ কটাৰ উপৰিও অভিযোগকাৰীৰ পক্ষ লৈ ভাবুকি প্ৰদান কৰে টিংকুৰ পৰিয়ালৰ লোকক ৷ আনকি টিংকু তেলীৰ পৰিয়ালক থানালৈ মাতি নি ভাবুকিৰে স্বাক্ষৰ লোৱাৰ উপৰিও নগদ দুহাজাৰ টকা আদায় লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে বন বিভাগে তেওঁলোকৰ অনুমতি অবিহনে আৰক্ষীয়ে গছ কটা কাৰ্যক দুখ প্ৰকাশ কৰিছে সচেতন মহলে । যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গছ ৰোপণৰ বাবে আঁচনি লৈছে তেনে সময়তে এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক: 28 আগষ্টত পুনৰ 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.