ETV Bharat / state

28 আগষ্টত পুনৰ 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা

author img

By

Published : Aug 26, 2022, 5:47 PM IST

Internet will be cut off on 28th August
28 আগষ্টত পুনৰ 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা

অসমত 28 আগষ্টত পুনৰ 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা (Internet will be cut off on 28th August) ৷ কিয়নো উক্ত দিনা অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা ৷ যাৰ বাবে পুনৰ চৰকাৰে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

নিউজ ডেস্ক, 26 আগষ্ট : প্ৰতিবাদ, বিতৰ্ক একোৱেই কামত নাহিল ৷ 28 আগষ্টত পুনৰ অসমত 4 ঘন্টাৰ বাবে কৰ্তন হ’ব ইন্টাৰনেট সেৱা (Internet will be cut off on 28th August)৷ কিয়নো বিগত 21 আগষ্টৰ দৰে 28 আগষ্টতো অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা (Assam Government recruitment) ৷

সেইদিনটোত পূৰ্বৰ দৰেই পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত পুৱা 10 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 2 বজাৰ পৰা 4 বজালৈ মুঠ 4 ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ পৰীক্ষা ব্যৱস্থাটো যাতে স্বচ্ছ আৰু নিকা হয়, তাৰ বাবে চৰকাৰে এই ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ সিদ্ধান্তত অটল হৈ আছে ৷

উল্লেখ্য যে, 21 আগষ্টত অনুষ্ঠিত পৰীক্ষাৰ দিনা ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ পিছতে এই ব্যৱস্থাৰ বিৰুদ্ধে ৰাজু শৰ্মা নামৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল (Petition in Gauhati High Court) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই আৱেদনৰ ওপৰত কোনো ধৰণৰ স্থগিতাদেশ জাৰি কৰা নাছিল আৰু দুসপ্তাহৰ পিচত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি কৈছিল (HC hearing on suspension of internet services) ৷

ফলশ্ৰুতিত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখত কোনো বাধা নিষেধ নাছিল বা এতিয়াও নাই ৷ সেয়েহে 28 আগষ্টত পৰীক্ষাৰ সময়চোৱাত 4 ঘন্টাৰ বাবে পুনৰ ইন্টাৰনেট সেৱা কৰ্তন কৰাটো নিশ্চিত হৈ পৰিছে (Internet to be suspend in Assam) ৷

লগতে পঢ়ক : ইণ্টাৰনেট সেৱা বন্ধৰ গোচৰৰ শুকুৰবাৰে পুনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.