ETV Bharat / state

ইণ্টাৰনেট সেৱা বন্ধৰ গোচৰৰ শুকুৰবাৰে পুনৰ শুনানি

author img

By

Published : Aug 25, 2022, 7:38 PM IST

Updated : Aug 25, 2022, 8:22 PM IST

Gauhati High Court
Gauhati High Court

২১ আৰু ২৮ আগষ্টত ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বাবে অসম চৰকাৰে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ এজন সমাজকৰ্মীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা মঙলবাৰে এখন লেখ আবেদন দাখিল কৰিছিল (petition in Gauhati High Court) । ৰাজু প্ৰসাদ শৰ্মা নামৰ লোকজনে ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচন (Internet freedom foundation)ৰ সহায়ত ২১ আৰু ২৮ আগষ্টত ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অসম চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে এখন লেখ আবেদন দাখিল কৰে ।

গুৱাহাটী, ২৫ আগষ্ট : চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (Assam Government recruitment) স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত (plea at Gauhati High Court) বৃহস্পতিবাৰে এক শুনানি হয় (plea against internet service suspension) । উল্লেখ্য যে পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৫ খন জিলাত অস্থায়ীভাৱে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপত নাগৰিক সমাজৰ একাংশই অসন্তুষ্টি ব্যক্ত কৰিছিল ।

উল্লেখ্য, ২১ আৰু ২৮ আগষ্টত ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অসম চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ এজন সমাজকৰ্মীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত যোৱা মঙলবাৰে এখন লেখ আবেদন দাখিল কৰে (petition in Gauhati High Court) । ৰাজু প্ৰসাদ শৰ্মা নামৰ লোকজনে ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচন (Internet freedom foundation)ৰ সহায়ত ২১ আৰু ২৮ আগষ্টত ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ অসম চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত মঙলবাৰে এই লেখ আবেদন দাখিল কৰিছিল ।

তাৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজিৰ শুনানিত গোচৰীয়া পক্ষৰ যুক্তি গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা শুকুৰবাৰে এই সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰাৰ দিন নিৰ্ধাৰণ কৰে (HC hearing on suspension of internet services)।

উল্লেখ্য, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৪৮ টা বিভাগত লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে (তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা (Recruitment exam in Assam) । তাৰে প্ৰথম পৰ্যায়ত যোৱা ২১ আগষ্টত পৰীক্ষা অনুষ্ঠিত হয় । ৪৮ টা বিভাগৰ বাবে পৃথকে পৃথকে পৰীক্ষা নহৈ একেটা পৰীক্ষাৰ পৰা বাছনি কৰা হ'ব (Assam recruitment exam 2022)। আনহাতে, দুয়োটা বৰ্গৰ লিখিত পৰীক্ষাসমূহ সম্পন্ন কৰা দায়িত্বত আছে ছেবা ।

২১ আগষ্টত ২৪ খন, ২৮ আগষ্টত ২৫ খন জিলাত আৰু ১১ ছেপ্টেম্বৰত ২৩ খন জিলাত পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰা হৈছে । চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ দুটা পৰ্যায়ত আৰু তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ তিনিটা পৰ্যায় অনুষ্ঠিত হ'ব । মুঠ ৩,০২৬ টা কেন্দ্ৰত হ'ব পৰীক্ষা । মুঠ ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই দুয়োটা বৰ্গৰ পৰীক্ষাত (Schedule for Assam recruitment exam 2022) ।

আনহাতে, পৰীক্ষা কেন্দ্ৰসমূহত নিষিদ্ধ কৰা হৈছিল যিকোনো ইলেক্ট্ৰ'নিক সামগ্ৰী, মোবাইল, স্মাৰ্ট ঘড়ী, ব্লুটুথ ডিভাইচ, হেডফোন, মাইক্ৰ'ফোন, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা আদি । ইয়াৰ উপৰি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া ২৪ খন জিলাত ২১ আগষ্টত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ, পুনৰ ২ বজাৰ পৰা ৪ বজালৈ, ২৮ আগষ্টতো দিনৰ ১০ বজাৰ পৰা ১২ লৈ, আকৌ ২ বজাৰ পৰা ৪ বজালৈকে ইণ্টাৰনেট সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছিল ছেবাই (Internet to be suspend in Assam)।

লগতে পঢ়ক :অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত সবিশেষ প্ৰকাশ ছেবাৰ

Last Updated :Aug 25, 2022, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.