ETV Bharat / city

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত সবিশেষ প্ৰকাশ ছেবাৰ

author img

By

Published : Aug 19, 2022, 8:08 PM IST

Assam recruitment exam 2022
Assam recruitment exam 2022

অসমত ৪৮ টা বিভাগৰ বাবে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (Assam recruitment exam 2022) । ৪৮ টা বিভাগৰ বাবে পৃথকে পৃথকে পৰীক্ষা নহৈ একেটা পৰীক্ষাৰ পৰা বাচনি কৰা হ'ব । দুয়োটা বৰ্গৰ লিখিত পৰীক্ষাসমূহ ছেবাৰ দ্বাৰা সম্পন্ন হ'ব । ইতিমধ্যে পৰীক্ষাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন হৈছে ।

গুৱাহাটী,19 আগষ্ট : তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম চৰকাৰৰ নিযুক্তিৰ সন্দৰ্ভত ছেবাৰ মুখ্য কাৰ্যালয়ত সংবাদমেল (SEBA secretary press meet) ৷ সংবাদমেল সম্বোধন কৰি ছেবাৰ সচিব এন এন নাথে কয় যে, ৪৮ টা বিভাগৰ বাবে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা (Recruitment exam in Assam) । ৪৮ টা বিভাগৰ বাবে পৃথকে পৃথকে পৰীক্ষা নহৈ একেটা পৰীক্ষাৰ পৰা বাচনি কৰা হ'ব (Assam recruitment exam 2022)। দুয়োটা বৰ্গৰ লিখিত পৰীক্ষাসমূহ ছেবাৰ দ্বাৰা সম্পন্ন হ'ব ।

ইতিমধ্যে পৰীক্ষাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন হৈছে । ২১ আগষ্টত ২৪ খন, ২৮ আগষ্টত ২৫ খন জিলাত আৰু ১১ ছেপ্তেম্বৰত ২৩ খন জিলাত হ'ব পৰীক্ষা । চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ দুটা পৰ্যায়ত আৰু তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ তিনিটা পৰ্যায় অনুষ্ঠিত হ'ব । মুঠ ৩,০২৬ টা কেন্দ্ৰত হ'ব পৰীক্ষা । মুঠ ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এই দুয়োটা বৰ্গৰ পৰীক্ষাত (Schedule for Assam recruitment exam 2022) ।

অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ তথ্য

প্ৰতিখন জিলালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা একোজনকৈ উচ্চপদস্থ বিষয়া আৰু ছেবাৰ তৰফৰ পৰা একোজন ৰাজপত্ৰিত বিষয়া প্ৰেৰণ কৰা হ'ব । পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰৰ আশে-পাশে ১৪৪ ধাৰা জাৰি হ’ব (Assam recruitment 2022) ।

লগতে পঢ়ক: চৰকাৰৰ চৰম বিত্তীয় সংকট উদঙালে শিক্ষামন্ত্ৰীৰ পত্ৰই

আনহাতে, পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত প্ৰতিজন প্ৰাৰ্থীক তন্ন তন্নকৈ তালাচী চলোৱা হ'ব । পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ হ'ব যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী, ম'বাইল, স্মাৰ্ট ঘড়ী, ব্লুটুথ ডিভাইছ, হেডফোন, মাইক্ৰ'ফোন, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা আদি । কোনো পৰীক্ষাৰ্থীৰ পৰা যদিহে এইধৰণৰ সামগ্ৰী কেন্দ্ৰৰ ভিতৰত উদ্ধাৰ হয় তেন্তে আইনগত ব্যৱস্থাৰ সন্মুখীন হ'ব ৷ অৱশ্যে বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কিছু শিথিলতা কৰা হৈছে বুলি মন্তব্য কৰে (Rules for Assam recruitment exam)।

পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে OMR উত্তৰ বহী আৰু প্ৰশ্নকাকত জমা দিব লাগিব । অন্যথা প্ৰাৰ্থীজন অনুপস্থিত বুলি গণ্য কৰা হ’ব । আনহাতে, পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া ২৪ খন জিলাত ২১ আগষ্টত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ, পুনৰ ২ বজাৰ পৰা ৪ বজালৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা ৷ একেদৰে ২৮ আগষ্টতো দিনৰ ১০ বজাৰ পৰা ১২ লৈ, আকৌ ২ বজাৰ পৰা ৪ বজালৈকে ইণ্টাৰনেট সেৱা বন্ধ থাকিব (Internet to be suspend in Assam)।

ইপিনে তেওঁ কয় যে, ছেবাই আনবোৰ পৰীক্ষাত যিবোৰ ভাষাত প্ৰশ্ন কাকত তৈয়াৰ কৰে সেইদৰে এই নিযুক্তি পৰীক্ষাতো অসমীয়া, ইংৰাজী, বড়ো, বাংলা আৰু হিন্দী ভাষাত হ'ব প্ৰশ্নকাকতসমূহ । আনহাতে অসমৰ Employment Exchangeত নাম পঞ্জীয়ন থকা সকলেহে নিযুক্তি পৰীক্ষাত আবেদন কৰিছে বুলি মন্তব্য কৰে ছেবাৰ সচিবজনে ।

লগতে পঢ়ক: দুৰ্বল আন্তঃগাঁথনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা অহা বুলি কলে ছাত্ৰ সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.