ETV Bharat / state

Tense situation in Hojai : সমবায় পুঁজিৰ নামত ধন সংগ্ৰহৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে

author img

By

Published : Jul 6, 2022, 10:39 PM IST

Updated : Jul 6, 2022, 10:47 PM IST

Tense situation in Hojai
সমবায় পুঁজিৰ নামত ধন সংগ্ৰহৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে

উত্তপ্ত হৈ পৰিল হোজাই জিলাৰ নখুটী (Tense situation in Hojai) ৷ সমবায় পুঁজিৰ নামত সম্পাদক ইছমাইল আলিয়ে প্ৰায় 630 গৰাকী অংশীদাৰী পৰা 5000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰিল নখুটী (Tense situation over corruption in cooperative funds in Hojai) ৷

হোজাই, 6 জুলাই : বুধবাৰে হঠাৎ উত্তপ্ত হৈ পৰিল হোজাই জিলাৰ নখুটী (Tense situation in Hojai) ৷ নখুটী সমবায় সমিতিৰ নিৰ্বাচনৰ (Election of Nakhuti Cooperative Society) মনোনয়ন পত্ৰ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অভিযোগ অনুসৰি, সমবায় পুঁজিৰ নামত সম্পাদক ইছমাইল আলিয়ে প্ৰায় 630 গৰাকী অংশীদাৰী পৰা 5000 টকাকৈ সংগ্ৰহ কৰিছিল ৷

তাৰ পাচত একাংশ হিতাধীকাৰীয়ে এই ধন সংগ্ৰহ কৰাৰ পদ্ধতি অবৈধ বুলি জানিব পাৰিছিল ৷ সেয়ে এই সন্দৰ্ভত ন্যায়ালয়ত একাংশ হিতাধীকাৰীয়ে এক গোচৰো ৰুজু কৰিছিল ৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে হিতাধীকাৰীয়ে দিয়া ধন ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷

সমবায় পুঁজিৰ নামত ধন সংগ্ৰহৰ অভিযোগ সম্পাদকৰ বিৰুদ্ধে

কিন্তু সমবায় সমিতিৰ সম্পাদকগৰাকীয়ে আধা সংখ্যক অংশীদাৰক ধন ঘূৰাই দিয়াৰ বিপৰীতে আধা সংখ্যক অংশীদাৰক ধন ঘূৰাই দিয়া নাছিল ৷ যাৰ ফলত বুধবাৰে নখুটী সমবায় সমিতিৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিয়াৰ সময়তে একাংশ ৰইজৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় (Tense situation over corruption in cooperative funds) ৷

আনকি উত্তেজিত একাংশ লোকে সমবায় সমিতিৰ টেবুল, চকী আদি ভাঙি লণ্ড-ভণ্ড কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত নখুটী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি (Police arrived and brought the situation under control) ৷

লগতে পঢ়ক : Corruption in skill development training: দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুনীৰ্তিৰ অভিযোগ আপৰ

Last Updated :Jul 6, 2022, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.