ETV Bharat / state

Corruption in skill development training: দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুনীৰ্তিৰ অভিযোগ আপৰ

author img

By

Published : Jul 6, 2022, 8:52 PM IST

দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি (Corruption in skill development training) ৷ ৮০ কোটি টকাৰ দুনীৰ্তিৰ তদন্ত বিচাৰি আদালতৰ দ্বাৰস্থ হ'ব আম আদমি পাৰ্টি ৷

corruption-in-assam-skill-development-training-says-aap
দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুনীৰ্তি সংঘটিত হৈছে : আপ

গুৱাহাটী, 6 জুলাই : দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত সংঘটিত কৰা ৮০ কোটি টকাৰ দুনীৰ্তিৰ তদন্ত দাবী কৰিছে অসম ৰাজ্যিক আম আদমী পাৰ্টিৰ মিডিয়া সমম্বয়ক জয়ন্ত কুমাৰ কলিতাই(Corruption in skill development training)।

দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত দুনীৰ্তি সংঘটিত হৈছে : আপ

বুধবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অসম ৰাজ্যিক আম আদমী পাৰ্টিৰ মিডিয়া সমম্বয়ক জয়ন্ত কুমাৰ কলিতাই দাবী কৰি কয় যে, অসংগঠিত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ Building and construction workers act, 1996 আছে । এই আইনৰ আধাৰত অসমত ৰাজ্য চৰকাৰৰ Building and construction workers ৰ এখন ৰাজ্যিক পৰিষদ আছে ।

এই পৰিষদৰ অধীনত 2016 চনৰ পৰা 2019 চনলৈ দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত ৮০ কোটি টকাৰ দুনীৰ্তি সংঘটিত হৈছে (AAP has accused corruption in skill development training) ।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ প্ৰহাৰ : 50 টকাকৈ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

আনহাতে, এই সন্দৰ্ভত আপৰ কৰ্মী প্ৰদীপ কলিতাই কয় যে, এই পৰিষদৰ অধীনত 2016 চনৰ পৰা 2019 চনলৈ দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ বাবে দুটা কোম্পানী নিয়োগ কৰা হৈছিল । এই পৰিষদৰ অধীনত 2016 চনৰ পৰা 2019 চনলৈ দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ত ৮০ কোটি টকা মোকলাই দিছিল ।

আপৰ কৰ্মী প্ৰদীপ কলিতাই ইফালে অভিযোগ উত্থাপন কৰি কয় যে, কোম্পানী দুটাই দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ বাবে 60 দিনৰ প্ৰশিক্ষণ দিব লাগে যদিও মাত্ৰ 5-6 দিনৰ প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ ধন আত্মসাৎ কৰা হৈছিল । ভুৱা প্ৰশিক্ষাৰ্থী সৃষ্টি কৰি কোটি কোটি টকা আত্মসাৎ কৰিছিল ।

2016 চনৰ পৰা 2019 চনলৈ দক্ষতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত পৰিষদে কোম্পানী দুটাৰ লগত লাগি ৮০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তোলে আপে । সেয়ে ইয়াৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী, ৰাজ্যপালক অভিযোগ দিয়া হৈছিল বুলি সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে আপৰ সদস্যসকলে ।

আনকি দিছপুৰ থানাত গোচৰ দিয়া হৈছিল । কিন্তু আজি পৰ্য্যন্ত কোনো তদন্ত নহ'ল । আপৰ কৰ্মী প্ৰদীপ কলিতাই জনাই কয়, আপৰ পৰা এই সন্দৰ্ভত শীঘ্ৰেই আদালতত ৰাজহুৱা গোচৰ তৰা হ'ব ।

লগতে পঢ়ক : মন্ত্রী জয়ন্তমল্ল বৰুৱালৈ কিয় 'বাৰ্নল' প্ৰেৰণ কৰিলে যুৱ কংগ্ৰেছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.